Youth Death:
কৰ্ম সংস্থাপনৰ বাবে বহি:ৰাজ্যলৈ ঢাপলি মেলা অসমৰ যুৱকৰ কৰুণ মৃত্যু ঘটনা ইটোৰ পিছত সিটোকৈ সংঘটিত হোৱাত চিন্তিত হৈ পৰিছে সচেতন মহল ৷ বিগত সপ্তাহত বাংগালুৰুত শুই থকা অৱস্থাতে একেলগে কৰুণ মৃত্যুক সাবটি লৈছিল ঢকুৱাখানাৰ চাৰি যুৱকৰ ৷ একেদৰে কেৰালাত এটা কোম্পানীৰ পানী টেংকিত শুক্ৰবাৰে মৃত অৱস্থাত উদ্ধাৰ হয় লখিমপুৰৰ এজন লোকৰ ৷ এইদৰে ধাৰাবাহিকভাৱে সংঘটিত ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ আন এক ঘটনা সংঘটিত হয় বিশাখাপট্টনমত। ৩ মাহ পূর্বে কর্মসংস্থাপনৰ বাবে বিশাখাপট্টনমলৈ যোৱা সোণাৰিৰ হিঙৰিতলীৰ গঞ্জপাৰা গাঁৱৰ শুভংকৰ ভট্টাচাৰ্যৰ ৰহস্যজনকভাৱে মৃত্যু হয় সোমবাৰে। সৰবৰহী যুৱকজনক আকস্মিক মৃত্যুক খবৰ লাভ কৰাৰ পিছতে যুৱকজনৰ গঞ্জপাৰা গাঁৱৰ পৰিয়ালবৰ্গ শোকত ভাঙি পৰে।




































