Jalandhar Firing:
পঞ্জাৱত ভয়ংকৰ গুলীচালনাৰ ঘটনা ৷ আপৰ নেতাৰ গুলীয়াই হত্যা অচিনাক্ত দুৰ্বৃত্তৰ ৷ শুকুৰবাৰে পুৱা জলন্ধৰৰ আপৰ নেতা লাকী অ’বেৰয়ে নিজৰ বাহনৰে গৈ থকা পথত জলন্ধৰৰ মডেল টাউনৰ গুৰুদ্বাৰৰ সন্মুখত এখন দুচকীয়া বাহনত অহা ২ অস্ত্ৰধাৰী দুৰ্বৃত্তই তেওঁৰ বাহনলৈ লক্ষ্য কৰি ধাৰাষাৰ গুলীবৰ্ষণ কৰে । ফলত তেওঁৰ বাহনৰ আইনা ভেদি শৰীৰত কে’বা ঠাইতো গুলী লাগে ৷ গুলীচালনা সংঘটিত কৰিয়ে সেই স্থান ত্যাগ কৰে ৷ তেজেৰে তুমৰলি হৈ বাহনত বাগৰি পৰে ৷ পিছত সংকটজনক অৱস্থাত স্থানীয় লোকে ততাতৈয়াকৈ ফ’টিছ হাস্পতাললৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। আনহাতে ঘটনাৰ পিছতেই ঘটনাস্থলীত জলন্ধৰ আৰক্ষী উপস্থিত হৈ দুৰ্বৃত্তৰ সন্ধানত আৰম্ভ কৰিছে ব্যাপক অভিযান। উল্লেখ্য যে আপ নেতৃত্বাধীন চৰকাৰৰ আমোলত দিন দুপৰতে দুৰ্বৃত্তই আপৰ নেতাক গুলীয়াই হত্যা কৰা ঘটনাই উদ্বিগ্ন কৰি তুলিছে আপ নেতৃত্বক।




































