উত্তৰ প্ৰদেশত পথকুকুৰৰ উপদ্ৰৱ আৰু কামুৰাৰ ঘটনা উদ্বেগজনক হাৰত বৃদ্ধি পোৱাৰ পাছত ৰাজ্য চৰকাৰে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশত ৰাজ্যজুৰি দ্রুতগতিত ডগ শেল্টাৰ হোম (কুকুৰ আশ্ৰয়স্থল) আৰু এনিমেল বাৰ্থ কন্ট্ৰোল (ABC) কেন্দ্ৰ স্থাপনৰ কাম আৰম্ভ হৈছে।
প্ৰশাসনৰ লক্ষ্য হৈছে মানৱীয় আৰু বৈজ্ঞানিক পদ্ধতিত সমস্যাটোৰ স্থায়ী সমাধান কৰা। ছুপ্ৰিম ক’ৰ্টৰ নিৰ্দেশনা মানি এই সমগ্ৰ প্ৰকল্প আগবঢ়োৱা হৈছে। ইতিমধ্যে বিভিন্ন জিলাত ভূমি চিনাক্তকৰণ আৰু বাজেট ব্যৱস্থাৰ কাম যথেষ্ট আগবাঢ়িছে।
চৰকাৰী তথ্য অনুসৰি, প্ৰতিটো আশ্ৰয়স্থল স্থাপনত প্ৰায় ৪.৭০ কোটিৰ পৰা ৫.৩১ কোটি টকা ব্যয় হ’ব পাৰে। ডিপিআৰ অনুসৰি কুকুৰৰ বাবে থকাৰ ব্যৱস্থা, খাদ্য, চিকিৎসা সুবিধা আৰু পৰিচ্ছন্নতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। লক্ষ্ণৌ আৰু প্ৰয়াগৰাজত ভূমি চিনাক্তকৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে।
কেৱল ডাঙৰ চহৰেই নহয়, জিলাস্তৰতো এই অভিযান আৰম্ভ হৈছে। ললিতপুৰ, হাৰ্দই, বুলন্দশহৰ আৰু ফতেপুৰ জিলাতো ইতিমধ্যে বহু হেক্টৰ ভূমি নিৰ্দিষ্ট কৰা হৈছে। আশ্ৰয়স্থলসমূহত প্ৰশিক্ষিত কৰ্মচাৰী নিয়োগ কৰা হ’ব বুলি জানিবলৈ দিছে প্ৰশাসনে।
চৰকাৰৰ মতে, বন্ধ্যাকৰণ আৰু সুৰক্ষিত আশ্ৰয়ৰ ব্যৱস্থা নিশ্চিত কৰিব পাৰিলে পথকুকুৰৰ সংখ্যা নিয়ন্ত্ৰণত আহিব আৰু একেলগে মানুহৰ সুৰক্ষা আৰু জীৱ-জন্তুৰ যত্ন দুয়ো নিশ্চিত হ’ব।






























