PIL:
অসম ৰাজ্যিক বিজেপিয়ে প্রকাশ কৰা এক ভিডিঅ’ত সংখ্যালঘু লোকক টার্গেট কৰি হাতত মাৰণাস্ত্ৰ লৈ থকা দেখা গৈছিল মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক । এই বিতর্কিত ভিডিঅ’ ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰাত দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । অৱশ্যে বিৰ্তকৰ কেন্দ্ৰবিন্দু হৈ পৰাত পিছত ভিডিঅ’টো ডিলিট কৰি দিয়ে যদিও ক্ষোভত ফাটি পৰে দেশৰ বহু কেইজন বিশিষ্ট ব্যক্তি।
যাৰবাবে মঙলবাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় প্ৰাক্তন উপ-ৰাজ্যপাল নাজীব জং, সামাজিক কর্মী ৰূপৰেখা বার্মা আৰু সংখ্যালঘু অধিকাৰ কৰ্মী জন দয়ালকে ধৰি ১২ গৰাকী বিশিষ্ট ব্যক্তি ৷
বিশিষ্ট ব্যক্তি কেইগৰাকীয়ে মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শৰ্মাৰ লগতে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু মহাৰাষ্ট্ৰৰ কেবিনেটমন্ত্ৰী নীতিশ ৰাণেৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত পিআইএল দাখিল কৰে ৷
একেদৰে হায়দৰাবাদৰ সাংসদ আচাদুদ্দিন ওৱেইছিয়েও মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ফোজদাৰী গোচৰ চলাবলৈ হায়দৰাবাদ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে I
