বহুতে দিনটো আৰম্ভ কৰে একাপ গৰম কফিৰে। কিছুমানে ৰাতিপুৱা কফি নোখোৱাকৈ দিনটো পাৰ কৰিব নোৱৰা যেন অনুভৱ কৰে, আন কিছুমানে নহয়। কিন্তু আপুনি জানেনে যে নিয়মিতভাবে কফি পান কৰিলে মানুহৰ আয়ুস বৃদ্ধি পাব পাৰে বুলি শেহতীয়া গৱেষণাৰ পৰা জানিব পৰা গৈছে।
কিন্তু যদি আপোনাৰ এটা ভুল অভ্যাস থাকে তেন্তে এই সুবিধা সম্পূর্ণরূপে নষ্ট হ’ব পাৰে। শেহতীয়াকৈ প্রকাশিত কে’বাটাও গৱেষণাৰ পৰা দেখা গৈছে যে যিসকলে প্রতিদিনে পৰিমিত পৰিমাণে কফি পান কৰে তেওঁলোকৰ হৃদৰোগ, ডায়েবেটিছ আৰু কিছুমান দীর্ঘদিনীয়া ৰোগৰ সম্ভাৱনা তুলনামূলকভাবে কম।
বিশেষজ্ঞসকলৰ মতে দিনটোত দুইৰ পৰা তিনি কাপ কফি পান কৰিলে শৰীৰৰ বাবে উপকাৰী হ’ব পাৰে। কফিত থকা এন্টিঅক্সিডেন্টবোৰে শৰীৰৰ কোষবোৰক ক্ষতিৰ পৰা ৰক্ষা কৰে আৰু প্রদাহ কমোৱাত সহায় কৰে।
অৱশ্যে কফি কেনেকৈ পান কৰে সেয়াও অতি গুৰুত্বপূর্ণ। অধ্যয়নটোত কোৱা হৈছে যে কফিৰ সুফল পাবলৈ হ’লে এটা ডাঙৰ ভুল এৰাই চলিব লাগিব আৰু সেয়া হ’ল কফিত অতিৰিক্ত চেনি আৰু গধুৰ ক্রীম বা কৃত্রিম সোৱাদ যোগ কৰা।
বহুতে কফিত অত্যধিক চেনি, সোৱাদযুক্ত চিৰাপ বা পেকেজ ক্ৰীমাৰ মিহলাই দিয়ে। ইয়াৰ ফলত কফিৰ বহুতো প্রাকৃতিক উপকাৰিতা ধ্বংস হয়। অত্যধিক চেনিয়ে শৰীৰত চর্বি জমা হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে, তেজত চেনিৰ মাত্রা বৃদ্ধি কৰিব পাৰে আৰু দীর্ঘকালীনভাৱে হৃদযন্ত্ৰৰ ক্ষতি কৰিব পাৰে। ফলত যি কফিয়ে আয়ুস বৃদ্ধি কৰাত সহায় কৰিব লাগে, আচলতে ক্ষতি কৰে। আন এটা গুৰুত্বপূৰ্ণ বিষয় হ’ল কফি পানৰ সময়।
বিশেষজ্ঞসকলে কয় যে সন্ধিয়া বা ৰাতি কফি পান কৰিলে শৰীৰৰ স্বাভাৱিক টোপনিৰ ছন্দত ব্যাঘাত জন্মে। ইয়াৰ ফলত টোপনি কমি যায়, ভাগৰ বাঢ়ে আৰু লাহে লাহে শৰীৰত বেয়া প্ৰভাৱ পৰে। গতিকে পুৱা বা দুপৰীয়া কফি পান কৰিলে ভাল। যদি আপুনি কফি পান কৰিব বিচাৰে তেন্তে কফি কম বা চেনি নোহোৱাকৈ খোৱাটোৱেই উত্তম। অতিৰিক্ত ক্রীম বা সোৱাদ পৰিহাৰ কৰক। দিনটোত দুই-তিনি কাপতকৈ বেছি পান নকৰিব। সন্ধিয়াৰ পাছত কফি নাখাব।






























