বহুতে চাহ-কফি নোখোৱাকৈয়ে দিনটো আৰম্ভ নকৰে। চিকিৎসকৰ মতে এই অভ্যাস যিমানেই ভালপোৱা নহওক কিয় ই শৰীৰৰ বাবে উপকাৰী নহয়। পুৱা খালী পেটত কফি বা চাহ খালে প্রায়ে এচিডিটি, গেছ, আনকি অস্ত্র সমস্যাও হ’ব পাৰে। সেয়েহে দিনটোৰ আৰম্ভণিতে কিছুমান প্রাকৃতিক পানীয়ৰ চুমুক দি শৰীৰটো সবল কৰি ৰাখিব, হজম শক্তি বৃদ্ধি কৰিব আৰু অস্ত্ৰ পৰিষ্কাৰ কৰি ৰাখিব। একেদৰে পুৱা কফি বা চাহৰ বিকল্প হ’ব পৰা পাঁচটা পানীয়ৰ বিষয়ে জানি লওক।
নেমুৰ লগত গৰম পানী: পুৱা এগিলাচ গৰম পানীত কেইটোপালমান নেমুৰ ৰস মিহলাই শৰীৰত ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট পোৱা যায়। ই যকৃতৰ বিষমুক্ত কৰে, পাচনতন্ত্ৰৰ ৰস নিঃসৰণত সহায় কৰে আৰু পুৱা শৰীৰক শক্তি প্রদান কৰে। বিশেষজ্ঞসকলে কয় যে নিয়মীয়াকৈ সেৱন কৰিলেও ছালখন জিলিকি উঠে।
জিৰাৰ পানী: জিৰাৰ গুটি এচামুচ ৰাতি তিয়াই পুৱা পানীখিনি লাহে লাহে গৰম কৰি খালে পাচন এনজাইম সক্রিয় হয়। পেট ফুলা, গেছ বা বদহজম হ্রাস কৰাত ই ফলপ্রসূ। বিশেষজ্ঞসকলৰ মতে জিৰাৰ পানীত থকা প্রাকৃতিক তেলে পেটৰ প্রদাহ কমায় আৰু অন্ত্ৰৰ কার্যক্ষমতা বৃদ্ধি কৰে।
আমলাৰ ৰস: আমলা হৈছে ভিটামিন চিৰ ভঁৰাল। ইয়াত থকা এন্টিঅক্সিডেন্ট শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, অন্ত্ৰৰ কোষক সুৰক্ষা দিয়ে আৰু বিষাক্ত পদার্থ : বাহিৰ কৰি দিয়ে। পুৱা খালী পেটত আমলাৰ ৰস খালে হজম শক্তি বৃদ্ধি পায় আৰু ছাল আৰু চুলিৰ উন্নতি হয়।
এলোভেৰাৰ ৰস: এলোভেৰাৰ প্ৰাকৃতিক প্রদাহ নিবাৰণকাৰী গুণে পাচনতন্ত্র শান্ত কৰে। পেটৰ আলচাৰ আৰু কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে। বিশেষজ্ঞসকলৰ মতে, যিসকলে দীর্ঘদিন ধৰি গেছ বা হার্টবার্ণত ভুগি আছে, তেওঁলোকে প্রতিদিনে পুৱা এলোভেৰাৰ ৰস অলপ খালে উপকৃত হ’ব। অৱশ্যে ইয়াক অত্যধিকভাৱে সেৱন কৰা উচিত নহয়।
ইছাবগুলৰ লগত মিহলি গৰম পানী: যিসকলৰ অনিয়মিত মলত্যাগ বা কোষ্ঠকাঠিন্য হয় তেওঁলোকৰ বাবে এইটো অতি উপকাৰী। পুৱা এগিলাচ গৰম পানীৰ স’তে মিহলাই এচামুচ ইছাবগুল খালে অন্ত্ৰৰ সমস্যা কম হয়, বিষাক্ত পদার্থ পৰিষ্কাৰ হয়, মাইক্ৰ’বায় ‘মৰ ভাৰসাম্য ৰক্ষা হয়।
কিয় চাহ কফি খাব নালাগে
বিশেষজ্ঞসকলে কয় যে পুৱা খালী পেটত চাহ বা কফি খালে এচিডিটি বৃদ্ধি পায়, পেটৰ আৱৰণ বিৰক্ত হয় আৰু কিছুমান ক্ষেত্ৰত বদহজম হ’ব পাৰে। তদুপৰি কেফেইন নিচাযুক্ত, যাৰ ফলত শৰীৰৰ প্ৰাকৃতিক শক্তিৰ ভাৰসাম্য বিঘ্নিত হ’ব পাৰে।
বিশেষজ্ঞসকলৰ মতে এইবোৰৰ প্ৰতিটো পানীয় যদিও উপকাৰী, তথাপিও ই সকলোৰে বাবে সমানে উপযোগী নহ’বও পাৰে। উদাহৰণস্বৰূপে, যিসকলৰ আলচাৰ, পিত্তৰ পাথৰ বা বৃক্কৰ সমস্যা আছে তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ নতুন বস্তু সেৱন কৰিব নালাগে।






























