তৰুণ প্ৰজন্মৰ নতুন ডেটিং ট্রেন্ড ‘৬-৭’

man consoling her friend while sitting on the sand at the beach

Scene with a man consoling a woman while sitting on the sand at the beach

আগৰ দিনত প্রেম মানে আছিল ৰোমান্স, উজ্জ্বল মুহূর্ত তথা সকলোবোৰ নিখুঁত হোৱাৰ প্রত্যাশা। যদিও আজিৰ তৰুণ প্ৰজন্মই সেই ধাৰণাকে সলাই পেলাইছে। এতিয়া ‘৬-৭ ডেটিং’ ট্ৰেণ্ডৰ দিশে অধিক আসক্ত হৈ পৰিছে ‘জেন জেড’ (১৯৯৭-২০১২ত জন্ম)।

তেওঁলোকে সংগীৰূপে এনে কাৰোবাক বাছি লৈছে যাৰ স’তে সম্পর্ক শান্ত, স্থিতিশীল আৰু বাস্তৱসন্মত হয়।

কিয় জনপ্রিয় হৈছে এই ট্রেন্ড? আচলতে বহু ‘জেন জেড’ তৰুণৰ মতে, ডেটিং এপ বা অতিৰিক্ত প্রত্যাশাৰ বাবে ‘১০/১০’ সংগী বিচৰা কাৰ্যই মানসিক চাপ বৃদ্ধি কৰে। ৰোমান্সৰ তীব্র উত্থান-পতনৰ মাজত বহুতেই হতাশা আৰু ক্লান্তি অনুভৱ কৰে।

সেয়ে তেওঁলোকে এতিয়া এনে সম্পর্ক বাছি লৈছে যি মানসিক শান্তি দিয়ে, বুজাপৰা ভাল হয় আৰু সহজে দীর্ঘম্যাদী হয়।

‘৬-৭ ডেটিং’-ৰ মূল ধাৰণাটো হৈছে সংগীক কেৱল বাহ্যিক সৌন্দর্য বা প্রথম সাক্ষাতৰ ভিত্তিত বিচাৰ কৰা নহয়। বৰঞ্চ চোৱা হয় সংগীৰ চৰিত্ৰ আৰু আচৰণ, সহানুভূতি তথা দায়িত্ববোধ, মানসিক স্থিতিশীলতা।

এইবোৰ গুণাৱলীয়েই নিশ্চিত কৰে যে সম্পর্ক চাপমুক্ত আৰু দীর্ঘস্থায়ী হ’ব।একাংশ বিশেষজ্ঞৰ মতে, ৬-৭ডেটিঙে বুজায় যে তৰুণসকলে সম্পৰ্কক কেৱল উত্তেজনা বা ৰোমান্সৰূপে নাচায়।

তেওঁলোকে বিচাৰে এনে এক সংগী যি বুজাপৰা ৰাখে, নিৰ্ভৰযোগ্য তথা মানসিকভাৱে স্থিতিশীল। অৱশ্যে কিছু মানসিক স্বাস্থ্য বিশেষজ্ঞই ধাৰণা কৰে যে কেৱল শান্তিৰ বাবে কম উত্তেজনাপূর্ণ সম্পর্ক বাছি লোৱাটো সকলো সময়তে যথাযথ নহয়। সম্পর্ক মানে দৃঢ় মনোযোগ, নিজৰ সীমা বুজি পোৱা আৰু মান বজাই ৰখাও জৰুৰী।

ই কিয় গুৰুত্বপূৰ্ণ? ৬-৭ডেটিঙে তৰুণ প্রজন্মক শিকাইছে যে সম্পর্ক কেৱল বাহ্যিক আকর্ষণ নহয়। বৰঞ্চ বাস্তৱতা, বুজাপৰা আৰু স্থিতিশীলতা গুৰুত্বপূৰ্ণ। ইয়াত ৰোমান্স কম হ’ব পাৰে; কিন্তু আত্মবিশ্বাস, সহজ যোগাযোগ আৰু বুজাপৰা বেছি হয়। সেয়ে কেতিয়াবা কেতিয়াবা ‘পাৰফেক্ট ১০’ বিচৰাৰ সলনি বাস্তৱ আৰু স্বস্তিদায়ক সম্পর্কই বেছি গুৰুত্বপূৰ্ণ।

Exit mobile version