দেশৰ আকাশ সুৰক্ষা অধিক মজবুত কৰিবলৈ প্ৰথমবাৰৰ বাবে কেৱল ড্ৰ’নৰ বাবে বিশেষ ৰানৱে নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছে। এই গুৰুত্বপূৰ্ণ প্ৰকল্পটো ৰূপায়ণ কৰিছে Border Roads Organisation-এ।
তথ্য অনুসৰি, মীৰাটত প্ৰায় ৯০০ একৰ ভূমিত নিৰ্মাণ হৈ আছে এই বিশেষ ৰানৱে। ২১১০ মিটাৰ দীঘল আৰু ৪৫ মিটাৰ বহল এই ৰানৱে মূলত বিভিন্ন ধৰণৰ ড্ৰ’ন চলাচলৰ বাবে সাজু কৰা হৈছে।
অৱশ্যে প্ৰয়োজনত C-295 আৰু C-130 শ্ৰেণীৰ বিমানো ইয়াত সহজে অৱতৰণ কৰিব পাৰিব।
আধুনিক প্ৰযুক্তিৰে সজ্জিত এই ৰানৱেত সৰু-ডাঙৰ বিভিন্ন ধৰণৰ ড্ৰ’ন মোতায়েন থাকিব। নজৰদাৰী আৰু সামৰিক অভিযান—দুয়ো ক্ষেত্ৰতে ড্ৰ’নৰ ব্যৱহাৰ দ্রুত বৃদ্ধি পোৱাৰ ফলতেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
বিশেষকৈ সাম্প্ৰতিক সামৰিক অভিজ্ঞতাৰ পাছতেই এই নতুন ড্ৰ’ন ঘাঁটি নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছে, যিয়ে দেশৰ আকাশসীমা অধিক সুৰক্ষিত কৰিবলৈ সহায় কৰিব।






























