২০ বছৰৰ পূৰ্বে মুক্তি লাভ কৰিছিল অক্ষয় কুমাৰ, গোবিন্দ আৰু পৰেশ ৰাৱালে অভিনয় কৰা ‘ভাগম ভাগ’ ছবিখনে। দুর্দান্ত কমেডীৰে পৰিপূৰ্ণ ছবিখনত এই তিনি তাৰকাৰ উপৰি লাৰা দত্ত, শক্তি কাপুৰ, ৰাজপাল যাদৱ, আছৰাণী, জেকী শ্রফ, আৰবাজ খান, সমীৰ হেগড়ে আদিয়েও দুর্দান্ত অভিনয় কৰিছিল।
এইবাৰ সেই ‘ভাগম ভাগ’ৰে ছিকুৱেল নির্মাণ হ’ব। অৱশ্যে ছিকুৱেলত প্ৰথম খনৰ সকলো অভিনয় শিল্পীক দেখা নাযাব। অভিনেত পৰেশ ৰাৱালে জনাইছে যে ছবিৰ দ্বিতীয় অধ্যায়ত দেখা যাব বিৰাট পৰিৱৰ্তন। পৰেশ ৰাৱালে জনাইছে যে ছিকুৱেলত নাথাকিব প্ৰথম ভাগৰ ছবিৰ সাফল্যৰ অন্যতম কাৰিকৰ গোবিন্দ।
প্রবীণ অভিনেতাজনে কয়, ‘এইবাৰ নতুন যুগলবন্দী দেখা পাব দর্শকে। গোবিন্দৰ পৰিৱৰ্তে দেখা যাব মনোজ বাজপেয়ীক। অৱশ্যে গোবিন্দাক কিয় দেখা নাযাব, সেই কাৰণ মই নাজানো।’
উল্লেখ্য যে বিগত কিছু মাহৰ পৰা গোবিন্দৰ সম্পৰ্কে নানা ধৰণৰ মন্তব্য কৰি আহিছে তেওঁৰ পত্নী সুনীতা আহুজাই। বিশেষকৈ অভিনেতাজনৰ ব্যক্তিগত জীৱনক লৈ বিস্তৰ চৰ্চা হৈছে। গোবিন্দৰ বিৰুদ্ধে একাধিক অভিযোগ আনিছে তেওঁৰ পত্নীয়ে। সেয়ে এতিয়া বহুতেই প্রশ্ন কৰিছে যে এই বিতৰ্কৰ বাবেই গোবিন্দক ছিকুৱেলৰ পৰা বাদ দিয়া নাইতো?
অৱশ্যে এই বিষয়ত একো মন্তব্য কৰা নাই গোবিন্দই। অথচ তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগক লৈ বাৰে বাৰে গোবিন্দই উত্তৰ দি আহিছে। তথাপি ছবিৰ পৰা বাদ পৰাৰ খবৰ পোহৰলৈ অহাৰ পাছত বিতৰ্কসমূহেই মুখ্য কাৰণ বুলি বহুজনে মন্তব্য কৰিছে ।






























