দিল্লীত সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকা!

1771651424 red1

Delhi:✒️ৰাজধানী দিল্লী আৰু দেশৰ কেবাখনো গুৰুত্বপূৰ্ণ মহানগৰত সম্ভাব্য সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকা প্ৰকাশ কৰিছে চোৰাংচোৰা সংস্থাই। পাকিস্তান ভিত্তিক আতংকবাদী সংগঠন Lashkar-e-Taiba-ই ৰাজধানীৰ কিছুমান জনসমাগমস্থলীক লক্ষ্য কৰি বিস্ফোৰণৰ পৰিকল্পনা কৰিছে বুলি তথ্য পোৱা গৈছে।

চোৰাংচোৰা সূত্ৰ অনুসৰি, দিল্লীৰ ঐতিহাসিক এলেকা ৰেড ফৰ্ট আৰু ব্যস্ত বাণিজ্যিক অঞ্চল চান্দনী চকৰ কাষত আক্ৰমণ চলোৱাৰ সম্ভাৱনা আছে।

বিশেষকৈ কিছুমান ধৰ্মীয় স্থানক লক্ষ্য কৰি আইইডি (IED) ব্যৱহাৰৰ ছক ৰচা হৈছে বুলি দাবী কৰা হৈছে।

এই সতর্কবাৰ্তা লাভ কৰাৰ পাছতেই দিল্লী আৰক্ষী আৰু কেন্দ্ৰীয় সুৰক্ষা বাহিনীয়ে অঞ্চলসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে। গুৰুত্বপূৰ্ণ স্থানসমূহত নজৰদাৰী বৃদ্ধি কৰাৰ লগতে তালাচী অভিযান তীব্ৰ কৰা হৈছে।

সাধাৰণ নাগৰিককো সজাগ থাকিবলৈ আৰু সন্দেহজনক কিবা দেখা পালে তৎক্ষণাত আৰক্ষীক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

ঘটনাটোক লৈ ৰাজধানীসহ দেশজুৰি সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰা হৈছে।

Exit mobile version