Diganta Barman:বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনৰ জীয়ৰীলৈ নিৰ্বাচন আয়োগৰ জাননী

WhatsApp Image 2026 02 24 at 5.52.47 PM

Diganta Barman:

বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনৰ জীয়ৰীলৈ নিৰ্বাচন আয়োগৰ জাননী। বিধায়ক গৰাকীৰ জীয়ৰীয়ে নতুন ভোটাৰৰ আবেদন কৰাৰ সন্দৰ্ভত শুনানিত উপস্থিত হ’বলৈ নিৰ্বাচন আয়োগে জাননী প্ৰেৰণ কৰিছিলে। আজি বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত জীয়ৰীৰ হৈ শুনানিত উপস্থিত হৈ বিধায়ক দিগন্ত বৰ্মনৰ অভিযোগ। নতুন ভোটাৰৰ বাবে আবেদন কৰা অন্য লোকক শুনানিত উপস্থিত হোৱাৰ জাননী দিয়া নাই, একমাত্ৰ কংগ্ৰেছী বিধায়কৰ জীয়ৰী হোৱাৰ বাবে শুনানিত উপস্থিত হোৱাৰ জাননী দিয়া বুলি অভিযোগ বিধায়ক দিগন্ত বৰ্মনৰ।

বৰক্ষেত্ৰীত ভোটাৰ তালিকাৰ পুণৰীক্ষণৰ জৰিয়তে কংগ্ৰেছৰ সমৰ্থকৰ পৰিয়ালৰ ভোট কৰ্তনৰ চেষ্টা কৰাৰ অভিযোগ বিধায়ক দিগন্ত বৰ্মনৰ। কোনো আইন নামানি প্ৰকৃত ভাৰতীয়লৈ জাননী প্ৰেৰণ কৰি হাৰাশাস্তি কৰি থকা বুলি অভিযোগ বিধায়ক দিগন্ত বৰ্মনৰ।

Exit mobile version