Jamugurihat :
জামুগুৰিহাটৰ পানপুৰ চেঙেলীমৰাত সমূহীয়া ভাৱে বিবাহ সম্পন্ন হয় ৫০জোৰা দৰা কইনাৰ। চেঙেলীমৰা নামঘৰত আজি সম্পূৰ্ণ বিবাহৰ মাংগলিক পৰম্পৰাৰে এই বিবাহ কাৰ্য্য সম্পন্ন হয় । আৰ্থিকভাৱে দুৰ্বল লোক সকলক কিছু সকাহ দিয়াৰ বাবে চেঙেলীমৰা যুৱক সংঘৰ দ্বাৰা এই সমূহীয়া বিবাহ কাৰ্য্য অনুষ্ঠিত হয়।
পুৱা পানপুৰঘাটৰ ঘিলাধাৰী নদীৰ পাৰত দৰা কইনা সকলক ৰাইজে নোঁৱাই ধুৱাই খোল তাঁল বজাই নামঘৰ প্ৰাঙ্গণলৈ লৈ অনা হয়।আৰু ইয়াৰ পাছতেই সম্পূৰ্ণ বিবাহৰ নিয়ম কানুনৰ মাজেদি সমূহীয়া বিবাহ সম্পন্ন হয়।
উল্লেখ্য যে বিভিন্ন কাৰণবশত বৃহত্তৰ অঞ্চলটোৰ যি সকলে সমাজৰ স্বীকৃতি অবিহনে আছিল সেই সকলক সামাজিক স্বীকৃতি প্ৰদান কৰি আজিৰ পৰা সামুহিক কামকাজত অংশগ্ৰহণ কৰাৰ উদ্দেশ্য আগত ৰাখি এই সমূহীয়া বিবাহ কাৰ্য্য সম্পন্ন কৰা হয়।






























