পাকিস্তানৰ F-16 ধ্বংস কৰাৰ দাবী আফগানিস্তানৰ, ভিডিঅ’ক লৈ সন্দেহ

IMG 20260227 131405

আমেৰিকান নিৰ্মিত F-16 Fighting Falcon যুদ্ধবিমান এটা ভূপাতিত কৰাৰ দাবী কৰিছে আফগানিস্তানৰ পক্ষই। সামাজিক মাধ্যমত প্ৰচাৰিত এক ভিডিঅ’ৰ জৰিয়তে এই দাবী উত্থাপন কৰা হৈছে।

আফগান সূত্ৰৰ মতে, পাকিস্তানৰ এখন F-16 যুদ্ধবিমান আফগান আকাশসীমা লঙ্ঘন কৰাৰ পাছতে গুলীয়াই ভূপাতিত কৰা হয়। ভিডিঅ’টোত জ্বলি থকা বিমানৰ অৱশেষ দেখুওৱা হৈছে বুলিও দাবী কৰা হৈছে।

কিন্তু ভিডিঅ’টোৰ সত্যতা স্বাধীনভাৱে সত্যতা পৰীক্ষা কৰা হোৱা নাই। কিছুমান প্ৰতিবেদনত উল্লেখ কৰা মতে, ভিডিঅ’ত দেখা পোৱা বিমানৰ গঠন আৰু আকাৰ F-16ৰ স’তে সম্পূৰ্ণ মিল নাখায়। ফলত ইয়াক লৈ সন্দেহ উত্থাপিত হৈছে।

ইফালে পাকিস্তানৰ পৰা এই সন্দৰ্ভত কোনো আনুষ্ঠানিক নিশ্চিতকৰণ পোৱা হোৱা নাই। তথ্য অনুসৰি,কিছুমান মহলে এই দাবীক অস্বীকাৰো কৰিছে ।

ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তেজনা বৃদ্ধি পাইছে। যদিও এতিয়ালৈকে কোনো স্বাধীন বা আন্তর্জাতিক সংস্থাই এই দাবী নিশ্চিত কৰা নাই।

Exit mobile version