Lurinjyoti Gogoi: জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত মহানগৰীৰ চচলত অসম জাতীয় পৰিষদৰ গণ সত্যাগ্ৰহ কাৰ্যসূচী

WhatsApp Image 2026 02 27 at 3.38.09 PM

Lurinjyoti Gogoi:

মহানগৰীৰ চচলত জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত অসম জাতীয় পৰিষদৰ উগণ সত্যাগ্ৰহ কাৰ্যসূচী ৷ হাতত প্লে’কাৰ্ড লৈ প্ৰতিবাদকাৰী সকলে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত চৰকাৰে সময়োচিত পদক্ষেপ নোলোৱাৰ অভিযোগ কৰি চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে ৷ প্ৰতিবাদস্থলীত অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ,কাৰ্যকৰী সভাপতি ৰাজেন গোঁহাই সহ জ্যেষ্ঠ নেতৃবৰ্গ উপস্থিত থাকে ৷

এই সন্দৰ্ভত লুৰিণজ্যোতি গগৈয়ে কয়, ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ আগত ফাষ্টট্রেক আদালত বনাই তেওঁলোকে কেৱল মাত্ৰ দায়িত্ব সামৰিছে। ফাষ্টট্ৰেক আদালতৰ পৰা নিৰ্বাচনৰ আগত ন্যায়ৰ কথাটো চূড়ান্ত নহয়। কেৱল মাত্ৰ ভোটৰ ৰাজনীতি কৰিবৰ কাৰণে নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ ১৫-২০ দিনৰ আগত ফাষ্টট্ৰেক আদালতৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ একেদৰে দলটোৰ শীৰ্ষ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই- এ কয়,মুখ্যমন্ত্রীয়ে ফাষ্টট্রেক আদালতৰ কথা কৈ নিৰ্বাচনৰ আগত বাহ বাহ ল’ব খুজিছে ৷ মুখ্যমন্ত্রীয়ে এসপ্তাহৰ ভিতৰত ফাষ্টট্রেক আদালত গঠন কৰি জুবিন গাৰ্গক ন্যায় দিয়ক, লাগিলে নির্বাচন পিছুৱাই দিয়ক ৷

Exit mobile version