তিনি মার্চত দেখা যাব বিৰল ঘটনা

সন্ধিয়া হোৱাৰ লগে লগে ৰক্তৰঞ্জিত হ'ব জোনবাই

jh9o03i8 moon 625x300 25 July 18 1

Lunar Eclipse:✒️নিশাৰ আকাশত এক স্বর্গীয় দৃশ্য প্রত্যক্ষ কৰাৰ বাবে সাজু হৈছে মহাকাশপ্রেমীসকল। কাৰণ আগন্তুক কিছু দিনৰ পাছতে মহাকাশত সংঘটিত হ’ব এক বিৰল ঘটনা। অহা তিনি মার্চত হ’ব পূর্ণগ্রাস চন্দ্রগ্রহণ। সেই ঘটনাৰ সময়ত আকাশত চন্দ্রটো ৰক্তৰঞ্জিত হৈ পৰিব, অর্থাৎ তেজৰ দৰে ৰঙা দেখা যাব জোনবাইক। এই আশ্চৰ্যকৰ পৰিস্থিতিক সততে ‘ব্লাড মুন’ বুলি কোৱা হয়।

নাছাৰ অফিচিয়েল ৱেবছাইট অনুসৰি, যি ঘটনাই আমাৰ আকাশক নীলা আৰু সূর্যাস্তক ৰঙা কৰি তোলে, সেই একেটা ঘটনাই চন্দ্ৰগ্ৰহণৰ সময়ত চন্দ্রটোক ৰঙচুৱা-কমলা বৰণৰ কৰি তোলে। সূৰ্যৰ পোহৰ বগা দেখা গ’লেও ইয়াত বিভিন্ন ৰঙৰ ভৌত বৈশিষ্ট্য আছে। নীলা ৰঙে পৃথিৱীৰ বায়ুমণ্ডলৰ মাজেৰে যোৱাৰ সময়ত তুলনামূলকভাবে সহজেই বিয়পি পৰে। আনহাতে, ৰঙচুৱা পোহৰে পোনপটীয়াকৈ বতাহৰ মাজেৰে ভ্রমণ কৰে।

চন্দ্ৰগ্ৰহণৰ সময়ত চন্দ্ৰটো ৰঙা বা কমলা ৰঙৰ দেখায়। কাৰণ আমাৰ গ্ৰহৰ দ্বাৰা অৱৰুদ্ধ নোহোৱা কোনো সূৰ্যৰ পোহৰ পৃথিৱীৰ বায়ুমণ্ডলৰ এক ডাঠ অংশৰ মাজেৰে চন্দ্ৰপৃষ্ঠত উপস্থিত হোৱাৰ পথত ফিল্টাৰ কৰা হয়। ই এনেকুৱা যেন পৃথিৱীৰ সমস্ত সূর্যোদয় আৰু সূর্যাস্ত চন্দ্ৰৰ ওপৰত পৰে। একাংশ সংবাদ মাধ্যমৰ প্রতিবেদন অনুসৰি, এই বছৰৰ প্রথম চন্দ্রগ্রহণ হ’ব তিনি মার্চত।

প্রায় ৫৬ মিনিট সময় চন্দ্ৰই ৰঙচুৱা বৰণ ধৰি থাকিব। ৰঙৰ এই পৰিৱৰ্তনক সাধাৰণতে ‘ব্লাড মুন’ বুলি কোৱা হয়। এছিয়াৰ পূৰ্বাঞ্চল আৰু অস্ট্রেলিয়াৰ পৰা সন্ধিয়া আমাৰ গ্ৰহৰ দ্বাৰা অৱৰুদ্ধ নোহোৱা কোনো সূৰ্যৰ পোহৰ পৃথিৱীৰ বায়ুমণ্ডলৰ এক ডাঠ অংশৰ মাজেৰে চন্দ্ৰপৃষ্ঠত উপস্থিত হোৱাৰ পথত ফিল্টাৰ কৰা হয়। ই এনেকুৱা যেন পৃথিৱীৰ সমস্ত সূর্যোদয় আৰু সূর্যাস্ত চন্দ্ৰৰ ওপৰত পৰে।

একাংশ সংবাদ মাধ্যমৰ প্রতিবেদন অনুসৰি, এই বছৰৰ প্রথম চন্দ্রগ্রহণ হ’ব তিনি মার্চত। প্রায় ৫৬ মিনিট সময় চন্দ্ৰই ৰঙচুৱা বৰণ ধৰি থাকিব। ৰঙৰ এই পৰিৱৰ্তনক সাধাৰণতে ‘ব্লাড মুন’ বুলি কোৱা হয়। এছিয়াৰ পূৰ্বাঞ্চল আৰু অষ্ট্ৰেলিয়াৰ পৰা সন্ধিয়া সম্পূৰ্ণৰূপে ‘ব্লাড মুন’ দেখা যাব।

প্রশান্ত মহাসাগৰীয় অঞ্চলত সমগ্র নিশা তথা উত্তৰ আৰু মধ্য আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ সুদূৰ পশ্চিমত পুৱাৰ ভাগতহে চন্দ্রগ্রহণ দেখা যাব। উল্লেখ্য যে মধ্য এছিয়া আৰু দক্ষিণ আমেৰিকাৰ অধিকাংশ অংশত এই চন্দ্রগ্রহণ আংশিকভাৱেহে দেখা যাব। আনহাতে, আফ্রিকা আৰু ইউৰোপৰ পৰা কোনো চন্দ্ৰগ্ৰহণ দেখা নাযাব। ভাৰতৰ নতুন দিল্লী আৰু পাকিস্তানসহ প্রায় সমগ্র এছিয়াৰ পৰা এই চন্দ্ৰগ্ৰহণ দেখা যাব।

Exit mobile version