Barpeta:
বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড I ঘৰত কোনো নথকাৰ সুযোগত মইনাই চুৰি কৰিলে প্ৰায় ১০ লক্ষাধিক টকাৰ সোণৰ অলংকাৰ। পিছে পৰিয়ালৰ অতি বিশ্বাসী মইনাই এনে কাম কৰিব বুলি হেনো ভাবিবই পৰা নাছিল পৰিয়ালটোৱে। এই যে ঘৰটো দেখিছে, এই ঘৰটো হৈছে সৰভোগৰ ১নং ৱাৰ্ডৰ বিজেপি নেত্ৰী তথা ৱাৰ্ড কমিছনাৰ হৰিপ্ৰিয়া নাথৰ বাসগৃহ।
বিজেপি নেত্ৰী হৰিপ্ৰিয়া নাথৰ ঘৰুৱা কাম বন কৰিবলৈ প্ৰায়েই আহি থাকে ছাবিয়াল ৰহমান নামৰ এই লোকজন। পৰিয়ালটোৰ অতি বিশ্বাসী ছাবিয়াল ৰহমানক পৰিয়ালটোৱে মৰমতে মইনা বুলি মাতে। কেবা বছৰ ধৰি মইনাই কাম কৰি আছে হৰিপ্ৰিয়া নাথৰ ঘৰত। হৰিপ্ৰিয়া নাথৰ ঘৰখনৰ বাবে মইনা বিশ্বাসৰ মানুহ। সেইবাবে পৰিয়ালটোৱে ঘৰৰ বাহিৰত গ’লে মইনাকে দায়িত্ব দি যায় ঘৰখনৰ।
এইজন ছাবিয়াল ৰহমান ওৰফে মইনাই ঘৰখনত কোনো নথকাৰ সুযোগ বুজি আলমিৰা খুলি লুটিলে প্ৰায় ১০ লক্ষাধিক টকা মূল্যৰ ৫ ডাল সোণৰ নেকলেছ আৰু হাৰ।
পিছে মইনাৰ কপাল আছিল বেয়া। বৃহস্পতিবাৰে আবেলি যেতিয়া পৰিয়ালটোৰ লোকে ঘৰখনত উপস্থিত হয় তেতিয়া আলমিৰাটো খোলা খাই থকা প্ৰত্যেক্ষ কৰে। তেতিয়াই লাগিল ঘৰখনত হাহাকাৰ। আলমিৰাটোত আছিল নগদ ডেৰ লাখ টকা আৰু এটা সোণৰ অলংকাৰ ৰখা বাকচ । অলংকাৰৰ বাকচটো বিচাৰি মইনাৰ ভৰিত ধৰি কাকূতি কৰিলে পৰিয়ালটোৱে। পিছে সহজ-সৰল মইনাৰ উত্তৰ তেওঁ একো নাজানে। আৰু অৱশেষত আৰক্ষীৰ জেৰাত প্ৰমাণিত হ’ল মইনাই হাঁহৰ গড়ালৰ উৰালৰ তলত হেনো লুকুৱাই থৈছে সোণৰ অলংকাৰৰ বাকচটো।
অতি সহজ-সৰল আৰু পৰিয়ালটোৰ অতি বিশ্বাসভাজন ছাবিয়াল ৰহমান ওৰফে মইনা এতিয়া সৰভোগ আৰক্ষীৰ ৰঙাঘৰৰ আলহী। মৰমৰ মইনাৰ ওপৰত বিজেপি নেত্ৰীৰ পৰিয়ালৰ বিশ্বাস আৰু চুৰিৰ ঘটনাক লৈ এতিয়া সৰভোগৰ সৰ্বত্ৰ চলিছে ব্যাপক চৰ্চা।
