India Winner:
ইতিহাস ৰচি পুনৰ টি-২০ বিশ্বকাপত চেম্পিয়ন হ’ল ভাৰত। দেওবাৰে নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত ভাৰতে বেটে-বলে সম্পূর্ণ আধিপত্য বিস্তাৰ কৰি নিউ জিলেণ্ডক ৯৬ ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ জৰিয়তে প্রথম দেশৰূপে টি-২০ বিশ্বকাপ তিনিবাৰ জয় কৰাৰ সমান্তৰালকৈ খিতাপ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ’ল। খিতাপ ৰক্ষাৰ ক্ষেত্রতো প্রথম দেশত পৰিগণিত হ’ল ভাৰত।
উল্লেখ্য যে ইয়াৰ আগলৈকে ভাৰতৰ উপৰি ইংলণ্ড আৰু বেষ্ট ইণ্ডিজে দুবাৰকৈ টি-২০ বিশ্বকাপৰ খিতাপ জয় কৰিছিল যদিও কোনেও ইয়াৰ আগলৈকে একেৰাহে দুবাৰ খিতাপ জয়ৰ সোৱাদ পোৱা নাছিল। আজি সেই অভিলেখ গঢ়িলে সূর্যকুমাৰ যাদৱৰ দলে। ইয়াৰ পূৰ্বে ২০২৪ত ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে খিতাপ জয় কৰিছিল। আনহাতে, ২০০৭ৰ প্রথম টি-২০ বিশ্বকাপত মহেন্দ্র সিং ধোনিৰ নেতৃত্বত ভাৰতে খিতাপ জয় কৰিছিল। আজি দুই প্রাক্তন বিশ্বজয়ী অধিনায়কৰ উপস্থিতিত সূৰ্যকুমাৰৰ দলে দেশক পুনৰ বিশ্বজয়ৰ সোৱাদ দিলে।
দেওবাৰৰ খেলখন প্ৰৱল প্রতিদ্বন্দ্বিতাপূর্ণ হ’ব বুলি ধাৰণা কৰা হৈছিল যদিও ভাৰতৰ বেটিং-বলিং উভয় বিভাগে দুর্দান্ত প্রদর্শন ঘটাই একাধিক নেতিবাচক ধাৰণাকো ভুল ভুল প্রমাণিত কৰি ফাইনেলখন সম্পূর্ণরূপে একপক্ষীয় কৰি তুলিলে। উল্লেখ্য যে ২০২৩ৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত ভাৰত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামতে পৰাস্ত হৈছিল। তাৰ পাছত কোনো বগা বলৰ আইচিচি প্রতিযোগিতাত ভাৰতীয় দল পৰাস্ত হোৱা নাছিল। অৱশেষত চলিত বিশ্বকাপৰে ছুপাৰ এইটৰ মেচত এইখন ষ্টেডিয়ামতে দক্ষিণ আফ্রিকাই ভাৰতক পৰাস্ত কৰে।
যাৰ বাবে আনকি ভাৰতীয় দলে আহমেদাবাদৰ পূৰ্বে থকা হোটেল সলনি কৰি আন এখন হোটেলত ফাইনেলৰ পূৰ্বে থকাৰ সিদ্ধান্ত লৈছিল। আনহাতে, আইচিচি প্রতিযোগিতাত নিউ জিলেণ্ড সদায় ভাৰতৰ বাবে কঠিন প্রতিদ্বন্দ্বীৰূপে বিবেচিত হৈ আহিছে। ইয়াৰ পূৰ্বে দুয়োটা দলে তিনিবাৰ টি-২০ বিশ্বকাপত মুখামুখি হৈছিল আৰু তিনিওবাৰতে নিউ জিলেণ্ড বিজয়ী হৈছিল। তদুপৰি দেওবাৰৰ ফাইনেল ভাৰতৰ বাবে সদায় হতাশাজনক আছিল। ইয়াৰ পূৰ্বে আইচিচি প্রতিযোগিতাত ভাৰতে দেওবাৰে দুবাৰ বিশ্বকাপৰ ফাইনেল খেলি পৰাস্ত হৈছিল। অৱশ্যে আজি ভাৰতীয় দলে প্রতিটেটা নেতিবাচক দিশক নস্যাৎ কৰি পুনৰ বিশ্ববিজয়ী হ’ল।
চাবলৈ গ’লে আজি টছৰ সময়তে খেলৰ ভাগ্য নিৰূপণ হৈ পৰে। কিবি অধিনায়ক মিচেল ছেণ্টনাৰে টছত জয়ী হৈ ভাৰতক পোনতে বেটিং কৰিবলৈ আমন্ত্রণ জনায়। ভাৰতীয় দলেও ইয়াৰ সুযোগ গ্রহণ কৰি আহমেবাদাদৰ বেটিং সহায়ক উইকেটত পাঁচ উইকেট হেৰুৱাই ২৫৫ ৰাণ কৰে। প্ৰত্যুত্তৰত নিউ জিলেণ্ডৰ ইনিংছ ১৯ অভাৰত ১৫৯ ৰাণত সমাপ্ত হয়। ইয়াৰ মূলতে আছিল তাৰকা পেচবলাৰ যশপ্রীত বুমৰাহ আৰু সহঃ অধিনায়ক অক্ষৰ পেটেলৰ অনবদ্য বলিং আৰু ঈশান কিষাণৰ আকৰ্ষণীয় ফিল্ডিং। নিউ জিলেণ্ডৰ অপেনাৰ টিম ছেইফার্টে স্বভাবসিদ্ধ বেটিঙেৰে ২৬টা বলত দুটা বাউণ্ডেৰী আৰু পাঁচটা ছিক্সাৰৰ সহায় ৫২ ৰাণ কৰে যদিও শীৰ্যক্ৰমৰ আন সকলো বেটাৰ ব্যৰ্থ হয়। দলৰ ৭২ ৰাণত ছেইফার্ট আউট হোৱাৰ লগে লগে কার্যতঃ নিউ জিলেণ্ডৰ প্ৰতিৰোধ ভংগ হয়। অধিনায়ক ছেণ্টনাৰে ৩৫টা বলত ৪৩ ৰাণ কৰে যদিও কোনো সময়তে দলৰ জয়ৰ সম্ভাৱনা জগাই তুলিব নোৱাৰিলে। বুমৰাহে চাৰি অভাৰত মাত্র ১৫ ৰাণ ব্যয় কৰি চাৰিটা উইকেট দখলবে কিরি বেটিঙৰ মেৰুদণ্ড ভাঙি দিয়ে। অক্ষৰে ২৭ ৰাণত তিনিটা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতৰ হৈ অর্ধশতৰাণ আহে সঞ্জু ছেমছন (৮৯), অভিষেক শর্মা (৫২) আৰু ঈশান (৫৪)ৰ বেটৰ পৰা।
সঞ্জু আৰু অভিষেকে প্রথম উইকেটত মাত্র সাত অভাৰতে ৯৮ ৰাণৰ যুটি গঢ়ি ভাৰতৰ বৃহৎ স্ক’ৰৰ ভেটি স্থাপন কৰে। উপর্যুপৰি তৃতীয়টো অর্ধশতক অৰ্জন কৰা সঞ্জুরে ইনিংছ গঢ়াত মনোযোগ দিয়াৰ বিপৰীতে সমগ্র প্রতিযোগিতাত ফৰ্মৰস’তে যুঁজি থকা অভিষেকে কিরি বলাৰক নির্দয়ভাৱে প্ৰহাৰ কৰে। তেওঁ মাত্র ১৮টা বলতে অর্ধশতৰাণ সম্পূৰ্ণ কৰে। ইয়াৰ পাছতে ঈশানে সঞ্জুৰ লগ লাগি নিউ জিলেণ্ডৰ শিবিৰত ত্ৰাসৰ সঞ্চাৰ কৰে। তেওঁলোকৰ বেটিং বিক্ৰমত ভাৰতে ১৫ অভাৰতে ২০০ ৰাণৰ সীমা অতিক্রম কৰে। হাতত উইকেট থকাত ভাৰতে তিনিশ ৰাণৰ সীমা অতিক্ৰম পাৰে বুলি ধাৰণা হৈছিল যদিও ইনিংছৰ ষষ্ঠদশ অভাৰত ভাৰতীয় বেটিঙৰ ছন্দপতন ঘটে। জিমি নিছামৰ সেই অভাৰত সঞ্জু আৰু ঈশানৰ উপৰি অধিনায়ক সূর্যকুমাৰেও কোনো ৰাণ নকৰাকৈ বিদায় লয়। ফলত ৰাণ তোলাৰ গতি মন্থৰ হোৱাত ভাৰতৰ ২৫০ ৰাণো কৰিব নোৱাৰিব যেন ধাৰণা হৈছিল।
অৱশ্যে শিৱম ডুবে আৰু হার্দিক পাণ্ডিয়াই দলৰ ৰাণসংখ্যা ২৫০ পাৰ হোৱাত সহায় কৰে। হার্দিকে ১৮ ৰাণ কৰি আউট হ’লেও শিৱমে মাত্র আঠটা বলত ২৬ ৰাণ কৰি অপৰাজিত হৈ ৰয়। তেওঁ নিছামৰ অন্তিম অভাৰত ২৪ ৰাণ সংগ্ৰহ কৰে। উল্লেখ্য যে টি-২০ বিশ্বকাপৰ ফাইনেলত সঞ্জুৰ ৮৯ ৰাণৰ ইনিংছাটোৱেই এই পর্যন্ত কোনো বেটাৰৰ সৰ্বোচ্চ। তেওঁৰ ৪৬টা বলৰ চিত্তাকর্ষক ইনিংছটোত আছিল পাঁচটা বাউণ্ডেৰী আৰু আঠটা ছিক্সাৰ। অভিষেকে ২১টা বলত ছটা বাউণ্ডেৰী আৰু তিনিটা ছিক্সাৰ তথা ঈশানে ২৫টা বলত চাৰিটাকৈ ছয় আৰু চাৰি মাৰে ৷




































