AIUDF Candidate List Announced:
আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে সোমবাৰে প্রথমখন প্রার্থী তালিকা ঘোষণা কৰে। দলৰ সভাপতি বদৰুদ্দিন আজমলে এক সংবাদমেলত সদৰী কৰা অনুসৰি, নজনীয়া এই তালিকাত দুগৰাকী মহিলা প্রার্থীকো স্থান দিয়া হৈছে। তালিকাত স্থান পাইছে বৰ্তমানৰ একাধিক বিধায়কে।
ইপিনে, আমছুৰ প্রাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰৰো নাম এই তালিকাত অন্তর্ভুক্ত হৈছে। লক্ষ্যণীয়ভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণত সাীমা সলনি হোৱাত বর্তমানৰ বিধায়কক আন সমষ্টিত প্রক্ষেপ কৰাও হৈছে এই তালিকাত। ঘোষিত তালিকা অনুসৰি, ৰূপহীহাট সমষ্টিত আহলাজ আমিনুল ইছলাম, মন্দিয়াত ড:ৰফিকুল ইছলাম, পাকাবেতবাৰী মীনাক্ষী ৰহমান, পৰ্বতঝোৰাত আবু তাহেৰ বেপাৰী, গৌৰীপুৰত নিজানুৰ ৰহমান, সৃজনগ্ৰামত ৰেজাউল কৰিম সৰকাৰ, ধিঙত মতিউৰ ৰহমান, বিলাসীপাৰাত চাবানা আকতাৰ আৰু লাহৰীঘাটত ছিদ্দিক আহমদক প্রার্থী প্রক্ষেপ কৰা হৈছে৷































