Gamblers arrested in Barpeta Road:
সদ্য সমাপ্ত T-20 বিশ্বকাপক লৈ অনলাইন জুৱাৰ এক ৰমৰমীয়া চক্ৰ গা কৰি উঠিছিল বৰপেটাত ৷ এই সম্পৰ্কীয় তথ্য পোহৰলৈ অহাৰ পিছতে তৎপৰ হৈ পৰে বৰপেটাৰোড আৰক্ষী ৷ বিশেষ খবৰৰ ভিত্তিত আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই বৰপেটাৰোড চহৰৰ বাঁহবাৰীৰ গ্ৰেপ্তাৰ কৰে নিভাজ বর্মন নামৰ অনলাইন জুৱাৰ কাণ্ডাৰীজনক ৷ উদ্থাপিত অভিযোগ মতে আটকাধীন বৰ্মনে T-20 বিশ্বকাপক লৈ এক ৰমৰমীয়া অনলাইন জুৱা চলাই গৈছিল বৰপেটাত ৷ ইতিমধ্যে ধৃত জুৱাৰীটোক অধিক তথ্যৰ বাবে মাৰাথন জেৰা অব্যাহত ৰাখিছে বৰপেটাৰোড আৰক্ষীয়ে।
ADVERTISEMENT




































