Kabul:✒️আফগানিস্তানত পুনৰ বায়ুসেনাৰ আক্ৰমণ চলোৱাৰ অভিযোগ উঠিছে পাকিস্তান(Pakistan)ৰ বিৰুদ্ধে। ৰাজধানী কাবুল (Kabul)সহ কেবাটাও অঞ্চলত পাকিস্তানৰ বিমান আক্ৰমণ চলোৱা হৈছে বুলি অভিযোগ কৰিছে আফগানিস্তানৰ তালিবান প্ৰশাসনে।
এই আক্ৰমণত শিশু আৰু মহিলাসহ কেবাজনো সাধাৰণ নাগৰিক নিহত হোৱা বুলি দাবী কৰা হৈছে।
আফগান চৰকাৰী সূত্ৰে জনোৱা মতে, কাবুল , কান্দাহাৰ (Kandahar), পাক্তিয়া প্ৰদেশ(Paktia Province) আৰু পাক্তিয়া প্ৰদেশ (Paktika Province)ত এই বোমা বৰ্ষণ কৰা হয়। কন্দহাৰৰ বিমানবন্দৰৰ ওচৰত থকা এখন তেল ডি’পতো আক্ৰমণ চলোৱা হৈছে বুলি অভিযোগ উঠিছে।
এই ঘটনাৰ পিছতেই তালিবান প্ৰশাসনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। বল্খ প্ৰদেশৰ তালিবান গভৰ্ণৰৰ মুখপাত্ৰ হাজি জাহিদে সতর্কবাণী জাৰি কৰি কয়— যদি পাকিস্তানে এই ধৰণৰ আক্ৰমণ বন্ধ নকৰে, তেন্তে আফগানিস্তানেও পাকিস্তানৰ ডাঙৰ নগৰীসমূহ লক্ষ্য কৰি প্ৰত্যাঘাত কৰিব। তেওঁ স্পষ্টকৈ কয় যে ইছলামবাদ (Islamabad) আৰু কৰাচী (Karachi)ৰ দৰে ডাঙৰ নগৰীসমূহো লক্ষ্যবস্তু হ’ব পাৰে।
উল্লেখযোগ্য যে সাম্প্ৰতিক সময়ত আফগানিস্তান–পাকিস্তান সীমান্তত উত্তেজনা বৃদ্ধি পাইছে। পাকিস্তানৰ দাবী, আফগানিস্তানৰ ভিতৰত লুকাই থকা জংগী সংগঠনসমূহে পাকিস্তানত হামলা চলাই আছে, সেইবাবেই সামৰিক অভিযান চলোৱা হৈছে।
আনহাতে আফগানিস্তানে এই অভিযোগ অস্বীকাৰ কৰি পাকিস্তানৰ আক্ৰমণক সাৰ্বভৌমত্ব লংঘন বুলি অভিহিত কৰিছে।
বৰ্তমান এই সংঘাতে দক্ষিণ এছিয়াৰ ৰাজনৈতিক পৰিস্থিতিত নতুনকৈ উত্তেজনা সৃষ্টি কৰিছে।






























