Gohpur:✒️গহপুৰৰ সোনালীবড়ী অঞ্চল বৃহস্পতিবাৰে আয়তীৰ উৰুলি আৰু বিয়াৰ আনন্দত মুখৰিত হৈ উঠে। এক ব্যতিক্ৰমী সামূহিক বিবাহ অনুষ্ঠানত একে দিনাই ১৫০ যোৰা দৰা-কইনাৰ বিবাহ সম্পন্ন হয়। সোনালীবড়ী প্ৰাথমিক নামঘৰত অনুষ্ঠিত এই বৃহৎ সামূহিক বিবাহ অনুষ্ঠানত অঞ্চলটোৰ বহু পৰিয়ালৰ উপস্থিতিয়ে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰে।
উত্তৰ-পূৰ্বাঞ্চল লোক কল্যাণ সমিতিৰ উদ্যোগত আৰু জনকল্যাণ সংস্থা জয়পুৰৰ সহযোগত, কৃষ্ণ গোকুলম বিশ্বনাথ জিলা আৰু গহপুৰ বিবাহ সমিতিৰ ব্যৱস্থাপনাত এই সামূহিক বিবাহ অনুষ্ঠান অনুষ্ঠিত হয়।
আৰ্থিকভাৱে দুৰ্বল বহু পৰিয়ালৰ বাবে ব্যক্তিগতভাৱে বিবাহ অনুষ্ঠান আয়োজন কৰাটো কঠিন হৈ পৰে। এনে বহু দৰা-কইনাই এই সামূহিক বিবাহত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰি অত্যন্ত আনন্দ প্ৰকাশ কৰে। তেওঁলোকে এই ব্যৱস্থাৰ বাবে চৰকাৰ আৰু আয়োজকসকলক ধন্যবাদ জনায়।
উল্লেখযোগ্য যে অসমত বিভিন্ন ধৰ্মীয় প্ৰথাৰে বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰা হয় যদিও এই সামূহিক বিবাহ অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শেৰে গঢ়ি উঠা শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৰীতি-নীতি অনুসৰি সম্পন্ন কৰা হয়।
বিবাহ অনুষ্ঠানত উপস্থিত জ্যেষ্ঠ লোকসকলৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰি দৰা-কইনাসকলে নতুন জীৱনৰ আৰম্ভণি কৰে। অনুষ্ঠানটিত দৰা-কইনাৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলেও আনন্দময় মুহূৰ্ত উপভোগ কৰে।































