অসমৰ ৰাজনীতিত নতুন সমীকৰণ

বিজেপিৰ বৰঘৰত টিকট বঞ্চিতৰ ক্ষোভৰ অগ্ৰণৎ

images 2 1

Bjp:✒️আহিবলগীয়া বিধানসভা নিৰ্বাচনৰ আগতেই দলীয় সিদ্ধান্তই কঁপাই দিলে অসম ৰাজনীতি। বহু বছৰ ধৰি দলৰ লগত নিবিড়ভাৱে জড়িত, সংগঠন গঢ়া আৰু কঠিন সময়ত দলৰ হৈ মাটিত নামি কাম কৰা একাধিক জ্যেষ্ঠ নেতাক এইবাৰ প্ৰাৰ্থীপদৰ পৰা বাদ দিয়া হৈছে।

অতুল বৰা, অমিয় কুমাৰ ভূঞা, সিদ্ধার্থ ভট্টাচাৰ্য, নোমল মমিনৰ দৰে ডাঙৰ নামো এই তালিকাৰ ভিতৰত।

কেৱল এইকেইজনেই নহয়, হেমাংগ ঠাকুৰীয়া, ৰামকৃষ্ণ ঘোষ, অজয় কুমাৰ ৰায়, প্রমোদ বৰঠাকুৰ, মিহিৰ কান্তি সোম, দ্বীপায়ন চক্ৰৱৰ্তী, বিদ্যা সিং ইংলেং, নিহাৰ ৰঞ্জন দাস আৰু নন্দিতা গালোচাৰ দৰে বহু অভিজ্ঞ মুখো এইবাৰ টিকটৰ পৰা বঞ্চিত হ’ল।

যিসকল নেতা বছৰ বছৰ ধৰি দলৰ লগত থাকি সংগঠন শক্তিশালী কৰিছিল, আন্দোলনৰ সময়ত আগবঢ়ি আহিছিল, আৰু বহু ক্ষেত্ৰত নিৰ্বাচনী যুঁজত অংশ লৈছিল—তেওঁলোকেই এইদৰে বাদ পৰাত দলৰ ভিতৰত অসন্তোষৰ সুৰ স্পষ্ট হৈ উঠিছে।

এই সিদ্ধান্তক বহুতেই “বৃহৎ ছাঁটাই অভিযান” বুলি অভিহিত কৰিছে। ৰাজনৈতিক মহলত এতিয়া প্ৰশ্ন উঠিছে,এইয়া কেৱল নতুন মুখ আগবঢ়োৱাৰ কৌশল, নে ভিতৰৰ সমীকৰণৰ ফল? বিশেষকৈ যিসকল নেতা দীৰ্ঘদিন ধৰি দলৰ বাবে কাম কৰি আহিছে, তেওঁলোকেই যদি এইবাৰ টিকট নাপায়, তেন্তে তৃণমূল স্তৰত কৰ্মীসকলৰ মনোবলত কি প্ৰভাৱ পৰিব সেয়া লৈও সন্দেহ দেখা গৈছে।

ইফালে, এই সিদ্ধান্তই আগন্তুক নিৰ্বাচনত নতুন ৰাজনৈতিক সমীকৰণ গঢ়াৰ সম্ভাৱনাও বৃদ্ধি কৰিছে। টিকট নোপোৱা কিছুমান নেতা স্বতন্ত্ৰ হিচাপে নামি পৰিব পাৰে বুলিও আলোচনা চলিছে, যাৰ ফলত নিৰ্বাচনী যুঁজ অধিক কঠিন আৰু ৰোমাঞ্চকৰ হৈ উঠিব পাৰে।

এক কথাত ক’বলৈ গ’লে, দীৰ্ঘদিন দলৰ লগত জড়িত থাকিও টিকট নাপোৱা এই ঘটনাই স্পষ্টকৈ দেখুৱাইছে যে এইবাৰৰ নিৰ্বাচনত দলীয় কৌশল সম্পূৰ্ণ সলনি হৈছে।

Exit mobile version