৫০ বছৰতে ছমহলীয়া অট্টালিকাৰ সমান বৰফ হেৰুৱালে

হিমালয়ত ভয়াৱহ অৱস্থা,জীৱৰ্জগতলৈ প্ৰচণ্ড ভাবুকি

downtoearth 2026 03 21 p44cvs85 Ice field Skardu

Himalaya:✒️পৃথিৱীখনক জীৱৰ বাসোপযোগী কৰি ৰখাত অন্যতম মূল ভূমিকা পালন কৰি অহা হিমালয় পর্বতত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। বায়ুমণ্ডল দূষিত কৰাৰ দৰে মানুহৰ কাম-কাজে সৃষ্টি কৰা জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱত হিমালয়ৰ বৰফৰ স্তৰ উদ্যোগজনকভাৱে গলিবলৈ ধৰিছে।

আনকি বিগত মাথোঁ ৫০ বছৰতে বিশ্বৰে ওখ পর্বতখনে এটা ছমহীয়া অট্টালিকাৰ সমান উচ্চতাৰ বৰফৰ স্তৰ হেৰুয়ায়। ইণ্টাৰনেচনেল চেণ্টাৰ ফৰ ইন্টিগ্রেটেড মাউন্টেইন ডেভেলপমেন্ট শীর্ষক আন্তর্জাতিক সংস্থাৰ শেহতীয়া এক বিশ্লেষণ অনুসৰি ১৯৭৩ৰ পৰা ২০২৩ লৈ হিমালয় অঞ্চলত এই উদ্বেগজনক ঘটনা সংঘটিত হয়।

উল্লেখ্য যে হিমালয় অঞ্চল পশ্চিম, মধ্য আৰু পূব হিমালয় তথা কাৰাকৰম অঞ্চলক সামৰি গঠিত হৈছে। উক্ত বিশ্লেষণত কোৱা হৈছে, ‘কাৰাকৰমৰ দৰে হিমালয়ৰ উপ-অঞ্চলবোৰে জটিল আচৰণ প্ৰদৰ্শন কৰাৰ বিপৰীতে চলিত উষ্ম পৰিৱেশত হিমবাহৰ গলন একেৰাহে অব্যাহত আছে।’ হিমালয় আৰু কাৰাকৰম অঞ্চল হৈছে ১৬টা আন পার্বত্য অঞ্চলৰ অংশ।

এই পার্বত্য অঞ্চলসমূহ আঠখন দেশত অৱস্থিত। ইয়াৰ দ্বাৰা হিন্দু কুশ অঞ্চল গঠিত হৈছে। হিন্দু কুশ হিমালয় অঞ্চলত ৬০ হেজাৰৰো অধিক হিমবাহ আছে। ইয়াৰে মাথোঁ ৩৮টা হিমবাহহে দীঘলীয়া সময় ধৰি পৰ্যবেক্ষণ কৰা হয়।

১৯৭৪ৰ জুনত হিমাচল প্ৰদেশৰ গাৰা হিমবাহৰ পৰ্যবেক্ষণৰ জৰিয়তে এই পৰ্যবেক্ষণৰ কাম আৰম্ভ হয়। আনহাতে, উক্ত আন্তর্জাতিক সংস্থাৰ পৰ্যবেক্ষণ অনুসৰি, হিমালয়ৰ পূব ফালৰ হিমবাহসমূহে বিগত বছৰসমূহত অধিক হাৰত বৰফৰ স্তৰ হেৰুৱায়।

এই হিমবাহসমূহ ভূটান আৰু পূব ভাৰতৰ পৰা চীন আৰু ম্যানমাৰলৈকে বিস্তৃত হৈ আছে। এই সম্পর্কত উক্ত কেন্দ্রই আঙুলিয়াই দিছে যে বহু হিমবাহে বর্ধিত হাৰত বৰফৰ স্তৰ হেৰুৱাবলৈ ধৰিছে।

ফলত হিমবাহৰ হ্ৰদৰ পৰিসৰ বৃদ্ধি পাবলৈ ধৰিছে। গতিকে আগন্তুক দিনত ভাৰত, ভূটান, চীন আৰু ম্যানমাৰৰ বহু অংশ ভয়ংকৰ দুৰ্যোগৰ সম্মুখীন হোৱাৰ আশংকা আছে। উক্ত পর্যবেক্ষণত লগতে দেখা যায় যে গৱেষকসকলে যি ৩৮টা হিমবাহ পর্যবেক্ষণ কৰে, সেইসমূহৰ মাজৰ পূব হিমালয়ত অৱস্থিত হিমবাহসমূহৰ গলন অধিক দ্রুত হৈছে।

এই গৱেষকসকলৰ মতে, হিমবাহৰ প্ৰকৃত আচৰণ শুদ্ধভাৱে ঠাৱৰ কৰিবলৈ হ’লে একোটা হিমবাহ অন্ততঃ ৩০ বছৰ পৰ্যবেক্ষণ কৰা উচিত। অন্যথা ফলাফল ভুল হোৱাৰ আশংকা থাকে।

Exit mobile version