Abdur Rashid Mandal:ৰাইজৰ দল এৰিব পাৰে পূব গোৱালপাৰাৰ প্ৰার্থী আব্দুৰ ৰছিদ মণ্ডল !

কংগ্ৰেছৰ হেঁচাত প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ সম্ভাৱনা, অসুস্থতাৰ দোহাই দি প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি আহিবলগীয়াৰ হ'ল বুলি এক পত্ৰত সদৰি মণ্ডলৰ

WhatsApp Image 2026 03 25 at 2.17.18 PM

Abdur Rashid Mandal:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক- বিৰোধী দল সহ নিৰ্দলীয় প্ৰাৰ্থী সকলে প্ৰচাৰাভিযান তীব্ৰ কৰি তোলাৰ মাজতে ৰাইজৰ দল প্ৰক্ষেপিত এজন প্ৰাৰ্থীয়ে অসুস্থতাৰ দোহাই দি প্ৰচাৰ কাৰ্যৰ পৰা বিৰত থকা কাৰ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল আব্দুৰ ৰছিদ মণ্ডল ৷ মণ্ডল পূব গোৱালপাৰা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ৷ ইয়াৰ পূৰ্বে তেওঁ সমষ্টিটোৰ বিধায়ক আছিল যদিও নিৰ্বাচনৰ দিন ঘোষণাৰ কেইদিনমান পূৰ্বে হঠাতে কংগ্ৰেছ দল ত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰে ৷

সেই সূত্ৰে ৰাইজৰ দলৰ পৰা পূব গোৱালপাৰা সমষ্টিৰ টিকট লাভ কৰিছিল ৷ কিন্ত দলীয় টিকট লাভ কৰি যিদৰে প্ৰচাৰাভিযানত উবুৰি খাই পৰিব লাগিছিল ৷ তাৰ বিপৰীতে অসুস্থতাৰ দোহাই দি উকা কাগজত সতীর্থলৈ এখন পত্ৰ দি নিজকে ঘৰতে আবদ্ধ কৰি ৰাখিছে ৷ মনকৰিবলগীয়া যে মণ্ডলে পত্ৰক উল্লেখ কৰিছে যে– প্ৰিয় সতীৰ্থ,আপোনালোকৰ মৰম ,ভালপোৱা সহায়,সমৰ্থনৰ বাবে মই চিৰকৃতজ্ঞ ৷ একান্ত এৰাব নোৱাৰা কাৰণত মই নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি আহিবলগীয়াৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছো। জীয়াই থকা দিন কেইটা আপোনালোকৰ লগত সৌহাৰ্দ্যপূৰ্ণতাৰে পাৰ কৰিব খোজো। ধন্যবাদেৰে আব্দুৰ ৰছিদ মণ্ডল,কাৰবালা,গোৱালপাৰা,২৫-০৩-২৬ ৷

উল্লেখ্য যে ৰাইজৰ দলৰ পূব গোৱালপাৰা সমষ্টিৰ প্ৰার্থী আব্দুৰ ৰছিদ মণ্ডলৰ সন্দেহজনক স্থিতিক লৈ বিভিন্ন বুবুবাবা উঠিছে যে মণ্ডলে শ্বেৰমান আলীৰ লেখিয়াকৈ যিকোনো মুহূৰ্ততে এৰিব পাৰে ৰাইজৰ দল ৷ চৰ্চা অনুসৰি প্রার্থিত্ব প্ৰত্যাহাৰো কৰিব পাৰে মণ্ডলে ৷ কংগ্ৰেছৰ হেঁচাতে মণ্ডলৰ প্ৰাৰ্থিত্ব প্রত্যাহাৰৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে বুলি এক উচ্চস্তৰীয় সূত্ৰে জানিব পৰা গৈছে ৷

Exit mobile version