Uttar Pradesh Firing incident:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত শনিবাৰে নিশা ভয়ংকৰ গুলীচালনাৰ ঘটনা । গুলীবিদ্ধ হৈ মৃত্যু হয় জীমটোত থকা ৩ যুৱকৰ। জীমটোত চলি থকা এক জন্মদিনৰ কেক মুখত সনাক লৈ তীব্ৰ সংঘাত সৃষ্টি হয় ৷ ইয়াৰ মাজতে এজন যুৱকে ৩ যুৱকলৈ লক্ষ্য কৰি নিৰ্বিচাৰ গুলীবৰ্ষণ কৰে ৷ ফলত থিতাতে কৰুণ মৃত্যুক সাবটি লয় ৩ যুৱকে ৷ ঘটনা সংঘটিত কৰি পলায়ন কৰে ঘাতক যুৱকজন।
প্ৰাপ্ত খবৰ অনুসৰি খুৰজাৰ আৰ জে এছ ফিটনেছ জিমত সংঘটিত হয় এই ঘটনা। মূল অভিযুক্ত জিতু ছাইনী আছিল বিএছপিৰ প্ৰাক্তন নগৰ সভাপতি। এই গুলীচালনাত নিহত হয় মনীষ ছাইনী (৩০), আকাশ ছাইনী (১৯), আৰু অমৰদ্বীপ ছাইনী (৩২)। মনীষ ২৪ নং ৱাৰ্ডৰ বিজেপি কাউন্সিলাৰ সঞ্জয় ছাইনীৰ কনিষ্ঠ ভাতৃ৷ আনহাতে আকাশ তেওঁৰ ভতিজা আৰু অমৰদ্বীপ তেওঁৰ ককাকৰ পুত্ৰ।
ঘটনাৰ পিছতে অঞ্চলটোত তীব্ৰ উত্তেজনা বিৰাজ কৰে। বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। সতৰ্কতামূলক ব্যৱস্থা হিচাপে বন্ধ কৰি দিয়া হৈছে ওচৰৰ বজাৰ। বিভিন্ন স্থানত বেৰিকেড স্থাপন কৰা হৈছে আৰু অঞ্চলটোৰ প্ৰতিটো এলেকা নিৰীক্ষণত ৰখা হৈছে।































