Nepal ex-PM KP Oli arrested over last year’s Gen Z protest:এক্সন মুডত নেপালী প্রধানমন্ত্রী বলেন্দ্ৰ শ্বাহ

শনিবাৰে পুৱাই নেপালৰ প্ৰাক্তন প্রধানমন্ত্রী কেপি শর্মা অলী আৰু প্ৰাক্তন গৃহমন্ত্রী ৰমেশ লেখকক গ্ৰেপ্তাৰ, ভক্তপুৰৰ গুণ্ডুস্থিত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয় অলী আৰু লেখকক

WhatsApp Image 2026 03 28 at 11.54.52 AM

Nepal ex-PM KP Oli arrested over last year’s Gen Z protest:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–নেপালত নতুন চৰকাৰে শপত লোৱাৰ পাছতেই এক্সন আৰম্ভ নৱ নিৰ্বাচিত নেপালী প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহৰ ৷ নেপালত শুক্ৰবাৰে ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰনতুন চৰকাৰ খনে শপত লোৱাৰ পাছতেই শনিবাৰে পুৱাই গ্ৰেপ্তাৰ কৰা হয় দেশখনৰ প্ৰাক্তন প্রধানমন্ত্রী কেপি শর্মা অলি আৰু প্ৰাক্তন গৃহমন্ত্রী ৰমেশ লেখকক ৷ ভক্তপুৰৰ গুণ্ডুস্থিত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয় অলীক ৷ একেদৰে প্ৰাক্তন গৃহমন্ত্রীকো তেওঁৰ নিজা বাসগৃহৰ পৰা নেপাল আৰক্ষীইে গ্ৰেপ্তাৰ কৰে ৷

উল্লেখ্য যে ২০২৫ বৰ্ষৰ ছেপ্তেম্বৰ মাহত জেন জেড’ প্ৰতিবাদ দমনৰ নামত হত্যাযজ্ঞ চলোৱাৰ অভিযোগৰ লগতে এক হত্যাৰ গোচৰত প্ৰাক্তন প্রধানমন্ত্রী আৰু গৃহমন্ত্ৰীজনক গ্ৰেপ্তাৰ কৰা হয় ৷

ৰেপাৰৰ পৰা ৰাজনীতিলৈ অহা ৩৫ বয়সীয়া দেশখনৰ কনিষ্ঠ প্ৰধানমন্ত্ৰী হিচাপে বলেন্দ্ৰ শ্বাহে শুকুৰবাৰে নেপালৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ মাত্ৰ এদিন পিছতে এই কাৰ্য্য সংঘটিত হৈছে।

উল্লেখযোগ্য জেন জেড বিপ্লৱে নেপালৰ ৰাজনীতিত ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত নেপালত যুৱক-যুৱতীৰ নেতৃত্বত ব্যাপক প্ৰতিবাদৰ সাক্ষী হৈছিল, যাক ‘জেন জেড বিপ্লৱ’ বুলি অভিহিত কৰা হৈছিল। এই প্ৰতিবাদসমূহ ডিজিটেল স্বাধীনতাৰ দাবীৰে আৰম্ভ হৈছিল যদিও অতি সোনকালেই দুৰ্নীতি, নিবনুৱা সমস্যা, দুৰ্বল শাসন, ৰাজনৈতিক অস্থিৰতাৰ বিৰুদ্ধে এক ব্যাপক আন্দোলনলৈ ৰূপান্তৰিত হৈছিল। সেই সময়ত কে পি শৰ্মা অলি দেশৰ প্রধানমন্ত্রী আৰু ৰমেশ লেখক গৃহমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল ।

জেন জেড প্ৰতিবাদৰ বিৰুদ্ধে চৰকাৰে কঠোৰ দমন চলোৱাৰ ফলত পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰে। কমেও ৭৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২০০০ৰো অধিক লোক আহত হয়। প্ৰথম দিনাই গুলীচালনাত কমেও ১৯ জন প্ৰতিবাদকাৰী নিহত হয়, যাৰ ফলত জনসাধাৰণৰ ক্ষোভ আৰু অধিক বৃদ্ধি পায় আৰু শেষত অলিয়ে পদত্যাগ কৰিবলৈ বাধ্য হয়।

মনকৰিবলগীয়া যে অলিৰ বিৰুদ্ধে বিচাৰৰ বাবে পৰামৰ্শ বিষয়টোৰ তদন্তৰ বাবে গঠন কৰা উচ্চ পৰ্যায়ৰ আয়োগে কেপি শৰ্মা অলিৰ বিৰুদ্ধে গোচৰ চলোৱাৰ পৰামৰ্শ দিছিল তেওঁলোকৰ প্ৰতিবেদনত। আয়োগে কয় যে দেশৰ কাৰ্যবাহী মুৰব্বী হিচাপে অলিক এই হিংসাৰ বাবে জগৰীয়া কৰা উচিত কাৰণ তেওঁ গুলীচালনা ৰোধ কৰাত ব্যৰ্থ হৈছিল।

কার্যবাহী মুৰব্বী হিচাপে অলিক ভাল বা বেয়া সকলো কামৰ বাবে জবাবদিহি কৰা উচিত বুলিও প্রতিবেদনত উল্লেখ কৰা হৈছে৷ আয়োগে কেৱল অলিৰ বিৰুদ্ধেই নহয়, তেতিয়াৰ আৰক্ষী অধীক্ষক চন্দ্ৰ কুবেৰ খাপুং আৰু আন কেইবাজনো বিষয়াৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ আগবঢ়াইছে।

আনহাতে এই অভিযোগ আৰু আয়োগৰ প্ৰতিবেদনক প্ৰাক্তন প্ৰধানমন্ত্ৰী অলিয়ে স্পষ্টভাৱে নাকচ কৰিছে। তেওঁ ইয়াক গাফিলতি, মানহানিকাৰক আৰু ঘৃণাৰ ৰাজনীতিৰ দ্বাৰা প্ৰেৰিত বুলি অভিহিত কৰে। তেওঁৰ মতে, ৰাজনৈতিক কু-অভিপ্ৰায়েৰে এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে।

উল্লেখ্য যে যদিহে আয়োগৰ পৰামৰ্শৰ ভিত্তিত বিচাৰ অনুষ্ঠিত হয় আৰু আদালতে তেওঁলোকক দোষী সাব্যস্ত কৰে তেন্তে অলি, ৰমেশ লেখক আৰু অন্যান্য সংশ্লিষ্ট বিষয়াসকলে ১০ বছৰ পৰ্যন্ত কাৰাদণ্ডৰ সন্মুখীন হ’ব পাৰে। ৰাজনৈতিকভাৱেও অলিৰ বাবে এই সময় কঠিন হৈ পৰিছে। সদ্য সমাপ্ত ৫ মাৰ্চৰ সাধাৰণ নিৰ্বাচনত ৰাষ্ট্ৰীয় স্বতন্ত্ৰ দলৰ নেতা বলেন্দ্ৰ শ্বাহৰ হাতত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছিল তেওঁ।

Exit mobile version