দক্ষতাৰে আত্মগোপন কৰিব পাৰে ঢোঁৰা সাপৰ দুই নতুন প্রজাতিয়ে

উত্তৰ-পূবৰ জংঘলত ওলাল 'ছদ্মবেশী' সাপ

IMG 20260330 133330

শত্ৰুৰ হাতৰ পৰা ৰক্ষা পাবলৈ বা অতর্কিত আক্ৰমণৰে চিকাৰক ধৰাশায়ী কৰাৰ বাবে ছদ্মবেশ বা কেমোফ্লেজ প্ৰকৃতিৰ এক অদ্ভুত বিস্ময়। সৰীসৃপ প্রাণীবোৰৰ মাজত এই ছদ্মবেশৰ আধিপত্য দেখা গ’লেও আমাৰ খাল, পুখুৰী আদিৰ লগতে জোপোহা আদিত নির্বিঘ্নে ঘূৰি ফুৰা ঢোঁৰা সাপ (কীলবেক স্নেক)ৰ তেনে কোনো প্ৰৱণতা সততে দেখা নাযায়।

ক’লা-হালধীয়া নিপুণ শিল্পৰে ভৰা সুন্দৰ শৰীৰ এটা লৈ এইবিধ বিষহীন সাপে সদর্পে ঘূৰি ফুৰি নিগনি, ভেকুলী আদি ধৰি ফুৰে। আনকি নিগনি আদি বিচাৰি মানুহৰ ঘৰতো কেতিয়াবা প্রলেশ কৰে। এই ঢোঁৰা সাপৰে দুটা নতুন প্ৰজাতিৰ সন্ধান ওলাইছে উত্তৰ-পূবৰ জংঘলত।

অৱশ্যে আচৰণগত দিশৰ পৰা এই দুবিধ সাপৰ প্ৰকৃতি আমাৰ পৰিচিত ঢোঁৰা সাপতকৈ সম্পূর্ণ ভিন্ন। আত্মপ্রকাশ নহয়, বৰঞ্চ ছদ্মবেশতহে বিশ্বাসী এই দুই নতুন প্রজাতি। এই কার্যত ইহঁত ইমানেই নিপুণ যে চকুৰ সম্মুখতে থাকিলেও এই দুবিধ সাপে নিজক কার্যতঃ অদৃশ্য কৰি ৰাখিব পাৰে।

ডেৰাড়ুন বাইল্ড ইনষ্টিটিউচন অৱ ইণ্ডিয়া (ডব্লিউআইআই) ব একাংশ বিজ্ঞানীয়ে জনাইছে যে উত্তৰ-পূব ভাৰতৰ জংঘলত আৱিষ্কাৰ হৈছে এই দুবিধ বিৰল প্ৰজাতিৰ সাপ। এই সাপ দুবিধ ‘কীলবেক’ প্রজাতিৰ।

এই দুবিধ কীলবেক সাপ অত্যন্ত বিৰল বুলিয়ে দাবী কৰিছে জীৱ বিজ্ঞানীসকলে। প্রথম কীলবেক সাপটো দেখা পোৱা গৈছে মিজোৰামৰ নেংপুই অভয়াৰণ্যত। তাত দেখা পোৱা সাপটোৰ নাম ‘ৰাখাইন কীলবেক’। কাৰণ বিৰল প্ৰজাতিৰ এই সাপক প্রথমে ম্যানমাৰত দেখা পোৱা গৈছিল।

আনহাতে, দ্বিতীয় সাপটো দেখা গৈছে অৰুণাচল প্ৰদেশৰ নামদফা ৰাষ্ট্ৰীয় উদ্যানত। ইয়াৰ নাম ‘কাচিন হিলছ কীলবেক’। এই সাপ দুবিধো বিষহীন আৰু জলভূমি বা পানীৰ ওচৰে-পাজৰে থাকিবলৈ পছন্দ কৰে। ইহঁতৰ প্ৰধান খাদ্য হৈছে মাছ আৰু পোক-পকৰা।

কক্ষ পিঠিৰ ছালৰ বাবে ইহঁত লুকাই থকাত অতি দক্ষ। গাৰ ছাল পাচতল ৰঙা ৰঙৰ আৰু চিকচিকিয়া হোৱাত ইহঁতৰ শৰীৰত পৰা পোহৰ প্ৰতিফলিত হয়। যাৰ ফলত ইহঁতৰ গাৰ ৰং চাৰিওফালৰ পৰিৱেশৰ স’তে মিলি পৰে।

ফলত সহজে কাৰো দৃষ্টিগোচৰ নহয়। পৰিৱেশৰ স’তে ইহঁতে অদ্ভুতভাবে মিলি থাকিব পাৰে, বিশেষকৈ বোকা আৰু জলাশয়ত। বিজ্ঞানীসকলে দাবী কৰিছে যে এইবোৰ অঞ্চলত আৰু বিভিন্ন প্ৰজাতিৰ সাপ থাকিব পাৰে, যিবোৰক এই পর্যন্ত নথিভুক্ত কৰা হোৱা নাই। ফলত এইবোৰ অঞ্চলত ডাঙৰ বৈজ্ঞানিক জৰীপৰ প্রয়োজন আছে বুলিও বিজ্ঞানীসকলে মন্তব্য কৰিছে।

আমাৰ অসমৰ পুখুৰী-খাল আদিত যিবোৰ কীলবেক বা ঢোঁৰা সাপ দেখা যায়, সেইবোৰ হালধীয়াৰ ওপৰত ক’লা গোলাকাৰ দাগবিশিষ্ট। ইংৰাজীত ইহঁতক চেকার্ড কীলবেক বুলি কোৱা হয়। উল্লেখ্য যে জীৱ বৈচিত্র্যৰ দিশৰ পৰা ভাৰত অত্যন্ত সমৃদ্ধ। কেৱল সাপৰে তিনি শতাধিক প্রজাতি ভাৰতত পোৱা যায়। ইয়াৰ ভিতৰত মাত্র ৬০টা প্ৰজাতিৰ সাপহে বিষধৰ। নতুন এই দুই সাপৰ আৱিষ্কাৰে ভাৰতৰ জীৱ-বৈচিত্র্যত এক নতুন অধ্যায় যোগ কৰা বুলি বিজ্ঞানীসকলে ধাৰণা কৰিছে।

Exit mobile version