Nagaon:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত নগাঁও জিলা সমিতিৰ সৌজন্যত শিঙিয়া পোটনী,মৰিকলং- বৰঘাট আৰু ননৈ শাখাৰ ব্যৱস্থাপনাত তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটো নগাঁও চহৰৰ পাশ্বৱৰ্তী শিঙিয়া পোটনী গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত বিভিন্ন কাৰ্যসুচীৰে উদ্যাপন কৰা হয়।পুৱাৰ ভাগত অনুষ্ঠানৰ পতাকা উত্তোলন,সুধাকণ্ঠ ভূপেন হাজৰিকাৰ লগতে সদ্যপ্ৰয়াত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, মাল্যঅৰ্পন,শ্ৰদ্ধাঞ্জলী জনোৱাৰ পাছতেই শিঙিয়া পোটনী শাখাৰ সভানেত্ৰী পাৰুল দেৱীৰ সভাপতিত্বত নগাঁও সদৰ শাখাৰ আবৃত্তি পৰিষদৰ সম্পাদক পবিত্ৰ কলিতা, বয়োজেষ্ঠ কবি জয়ন্ত দাস,নিলাক্ষী বৰা,জীনু দেৱী,বৰ্ষা হাজৰীকাকে প্ৰমুখ্য কৰি শতাধিক মহিলাৰ উপস্থিতিত নগাঁও জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ সভানেত্ৰী লক্ষীপ্ৰভা শইকীয়া আৰু জিলাৰ সহকাৰী সম্পাদিকা প্ৰিয়াংকী বৰাই আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ ভৱিষ্যত লক্ষ্য আৰু উদ্দেশ্যৰ লগতে জিলাখনৰ পুৰুষ-মহিলা সকলোকে অনুষ্ঠানটোক সৱল শক্তিৰে আগুৱাই নিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখি সম্পুৰ্ণ অংশ গ্ৰহনেৰে উপস্থিত মহিলা সকলক আগ-ভাগ লোৱাৰ আহ্বান জনায় বক্তব্য আগবঢ়াই।
