Star campaigners Assam Visit:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্যৰ বিধানসভা নিৰ্বাচনত প্ৰচাৰ অভিযান সমাপ্ত হ’বলৈ মাজত মাত্ৰ পাঁচটা দিন থকা অৱস্থাত ইতিমধ্যে অসমলৈ আগমন হৈছে বহু কেই গৰাকী ষ্টাৰ কেম্পেইনাৰ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,প্ৰিয়ংকা গান্ধী, অমিত শ্বাহ আৰু কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গে নিজ নিজ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ সভাত অংশ লৈ যোৱাৰ পিছত বৃহস্পতিবাৰে অসমলৈ আহিব আন কে’বা গৰাকীয়ে হাইপ্রফাইল নেতা ৷
বুধবাৰে নিশাই এআইএমআইএমৰ’ ৰাষ্ট্ৰীয় সভাপতি আছাদুদ্দিন ওৱেছিয়ে এআইইউডিএফৰ প্ৰাৰ্থীৰ হৈ কে’বাহখনো জনসভাত ভাগ লোৱাৰ বিপৰীতে গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী নিতীন গাডকাৰী কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধী, মহিলা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভানেত্ৰী অলকা লাম্বা আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিজ নিজ দলীয় প্ৰাৰ্থীৰ হৈ বহু কেইখন সভাত অংশ লৈ নির্বাচনী ৰণডংকা বজাব ।
