Digboi Election Campaign :
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–আগন্তুক বিধানসভা নিৰ্বাচন লৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ প্ৰচাৰৰ ক্ষেত্ৰত শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দলেই তীব্ৰ ধুমুহাৰ গতিত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে ।
৮৪ নম্বৰ ডিগবৈ বিধানসভা সমষ্টিৰ এন ডি এ ৰ সৰ্মথিত বিজেপি প্ৰাৰ্থী সুৰেন ফুকনৰ নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰাৰ বিপৰীতে বিৰোধী ঐক্যৰ হৈ ৰাইজৰ দলৰ উমৈহতীয়া প্ৰাৰ্থী দুলাল মৰাণেও সমষ্টিটোৰ প্ৰান্তে প্ৰান্তে নিৰ্বাচনী প্ৰচাৰ চলাই যোৱা দেখিবলৈ পোৱা গৈছে ৷
ভোটাৰসকলৰ ঘৰে ঘৰে গৈ অভাৱ অভিযোগ বুজ লবলৈ চেষ্টা অব্যাহত ৰখাৰ লগতে সমষ্টিটোৰ দীৰ্ঘদিনীয়া সমস্যাসমুহ ভোটাৰ মুখেৰে জানিবলৈ চেষ্টা কৰিছে ৷ লগতে আগন্তুক দিনত ডিগবৈ সমষ্টিবাসী ভোটাৰৰ মৰম আৰু আশীৰ্বাদত যদি জয় লাভ কৰিবলৈ সক্ষম হয় তেন্তে দীৰ্ঘদিনীয়া সমস্যা সমুহ সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান সমষ্টিবাসী ভোটাৰক।
