Nagaon:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:- অসম বিধানসভা নিৰ্বাচনৰ কালিলৈ অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণৰ বাবে প্ৰশাসনে জিলা খনৰ ১৮৬৮ টা ভোট গ্ৰহণ কেন্দ্ৰত কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ গঢ়ি তোলাৰ লগতে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এই ভোট গ্ৰহণৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন প্ৰক্ৰিয়া সুকলমে পৰিচালনা কৰাৰ উদ্দেশ্যে পুলিং আৰু প্ৰিজাইডিং বিষয়াসকলৰ বাবে নগাঁও জিলাৰ সাতটা বিধানসভা সমষ্টিৰ নিৰ্বাচনী সামগ্ৰী বিতৰণ আৰু সংগ্ৰহৰ বাবে তিনিটা কেন্দ্ৰ নিৰ্ধাৰণ কৰা হৈছে।
এই অনুসৰি, ৫৫নং ধিং, ৫৬নং ৰূপহীহাট আৰু ৫৮ নং চামগুৰি বিধানসভা সমষ্টিৰ বাবে ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় । ৫৭নং কলিয়াবৰ আৰু ৫৯নং বঢ়মপুৰৰ বিধানসভা সমষ্টিৰ বাবে চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় আৰু ৬০নং নগাঁও-বটদ্ৰৱা আৰু ৬১নং ৰহা (অনুসূচীত জাতি) বিধানসভা সমষ্টিৰ বাবে চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ক কেন্দ্ৰ হিচাপে নিৰ্ধাৰণ কৰা হৈছে।
