HSLC Result 2026:প্ৰকাশ পালে মেট্ৰিক পৰীক্ষাৰ ফলাফল

শীৰ্ষত পাটছাৰকুছিৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্র জ্যোর্তিময় দাস, উত্তীৰ্ণৰ হাৰ আছিল ৬৫.৬২,অসমীয়া বিষয়ত ১০০ ৰ ভিতৰতে ১০০ নম্বৰ লাভ লখিমপুৰৰ ইফানা ইয়াছমিন বেগম, উত্তীৰ্ণৰ হাৰৰ শীৰ্ষত ডিমা হাচাও,উত্তীৰ্ণৰ হাৰেৰে সৰ্বনিম্ন কাছাৰ

WhatsApp Image 2026 04 10 at 12.48.12 PM 1

HSLC Result 2026:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–সকলো উৎকণ্ঠাৰ অন্ত পেলাই আজি প্ৰকাশ পালে মেট্ৰিক পৰীক্ষাৰ ফলাফল ৷ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল প্ৰায় ৪.৩৮ লাখে আৰু উৰ্ত্তীণ হয় ২,৮১,৭০১ পৰীক্ষাৰ্থীয়ে। এইবাৰ উত্তীৰ্ণৰ হাৰ আছিল ৬৫.৬২ ৷ প্রথম বিভাগত উত্তীৰ্ণ হয় ৮৫,১৮৯গৰাকী ,দ্বিতীয় বিভাগত উত্তীর্ণ ১,৫০,১৬৭গৰাকী আৰু তৃতীয় বিভাগত উত্তীর্ণ হয় ৪৬,৩৪৫ গৰাকী শিক্ষার্থীয়ে।

আনহাতে ৰাজ্যৰ ভিতৰত শীৰ্ষস্থান অধিকাৰ কৰে পাটছাৰকুছিৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্র জ্যোর্তিময় দাস,দ্বিতীয় স্থানত বিশ্বনাথৰ অম্বিকাগিৰী ৰায়চৌধুৰী জাতীয় বিদ্যালয়ৰ ছাত্ৰী আকাংক্ষা ভূঞা, তৃতীয় স্থানত ডিব্ৰুগড়ৰ লিটল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী জিয়া ফাৰা ইছলাম আৰু চতুর্থ স্থান অধিকাৰ কৰে নলবাৰীৰ লিটল ফ্লাৱাৰ স্কুলৰ ছাত্ৰ সুৰজিৎ আখতাৰে

উল্লেখ্য যে আজি ঘোষিত মেট্ৰিকৰ ফলাফলত অসমীয়া বিষয়ত ১০০ ৰ ভিতৰতে ১০০ নম্বৰ লাভ কৰি উজ্জ্বলিল লখিমপুৰৰ ইফানা ইয়াছমিন বেগম৷লালুকৰ যুৱনগৰ হাইস্কুলৰ ছাত্ৰী ইৰফানা ৷

আনহাতে উত্তীৰ্ণৰ হাৰৰ ক্ষেত্ৰত শীৰ্ষত থাকে তিনিখন জিলা ক্ৰমে ডিমা হাছাও, শিৱসাগৰ আৰু ডিব্ৰুগড় ৷ডিমা হাচাওত উত্তীৰ্ণৰ হাৰ ৮৮.২৩ শতাংশৰ বিপৰীতে
শিৱসাগৰৰ ৮৪.০৮শতাংশ আৰু ডিব্ৰুগড়ত উত্তীৰ্ণৰ হাৰ ৭৮.৪৬ শতাংশ। উত্তীৰ্ণৰ হাৰেৰে সৰ্বনিম্ন জিলা হ’ল কাছাৰ জিলা। জিলা খনৰ উত্তীৰ্ণৰ হাৰ আছিল ৪৯.১৩ শতাংশ।

আনহাতে আজি মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে এএছএছইবি- এ উত্তৰবহী পুনৰ নিৰীক্ষণৰ অনলাইন আবেদনৰ দিন ১৩ এপ্ৰিল ধাৰ্য কৰে ৷

উল্লেখ্য যে এএছএছইবি- এ আজি জাৰি কৰা বিবৃতিত উল্লেখ কৰে যে তিনিটা বিষয়ত অনুত্তীৰ্ণ হ’লে দিব পাৰিব কম্পার্টমেন্টেল পৰীক্ষা ৷একেদৰে সংশ্লিষ্ট শিক্ষাৰ্থীয়ে বিচাৰিলে সকলো বিষয়তে পুনৰ পৰীক্ষা দিয়াৰ সুযোগ ৷

আনহাতে অহাবৰ্ষৰ পৰা নাথাকিব কম্পার্টমেন্টেল পৰীক্ষাৰ ব্যৱস্থা ৷ তদুপৰি আগন্তুক বৰ্ষৰ পৰা নম্বৰৰ সলনি আৰম্ভ হ’ব ৷

Exit mobile version