ছয় সপ্তাহীয়া সংঘাতৰ পাছত শান্তি আলোচনা

পাৰমাণৱিক কাৰ্যসূচী আৰু হৰমুজ প্ৰণালী মুখ্য বিষয়

1200 675 26449750 thumbnail 16x9 01 iran aspera

পাকিস্তানৰ ৰাজধানী ইছলামাবাদত আজি যুক্তৰাষ্ট্ৰ (US) আৰু ইৰাণৰ মাজত উচ্চস্তৰীয় শান্তি আলোচনা আৰম্ভ হৈছে। চলিত মধ্যপ্ৰাচ্য সংঘাতৰ প্ৰেক্ষাপটত এই বৈঠকক “make-or-break” মুহূৰ্ত হিচাপে দেখা হৈছে।

এই আলোচনা ছয় সপ্তাহ ধৰি চলি থকা সংঘাত আৰু এক অস্থায়ী যুদ্ধবিৰতিৰ পাছত অনুষ্ঠিত হৈছে, যাৰ ফলত মধ্যপ্ৰাচ্য অঞ্চলত ব্যাপক ক্ষয়ক্ষতিৰ লগতে বিশ্বব্যাপী শক্তি যোগান আৰু অৰ্থনীতিতো প্ৰভাৱ পৰিছে।

আলোচনাত আমেৰিকাৰ প্ৰতিনিধিদলটো নেতৃত্ব দিছে উপ-ৰাষ্ট্ৰপতি জে. ডি. ভেন্সে, আনহাতে ইৰাণৰ দলটোত বিদেশ মন্ত্ৰী আব্বাস আৰাঘচি আৰু সংসদৰ অধ্যক্ষ মোহাম্মদ বাঘেৰ গালিবাফ অন্তৰ্ভুক্ত আছে।

দুয়ো দেশৰ মাজত হোৱা এই আলোচনা গভীৰ অবিশ্বাসৰ মাজতেই আৰম্ভ হৈছে। বিশেষকৈ যুদ্ধবিৰতিৰ চৰ্ত, লেবানন সংকট, আৰু হৰমুজ প্ৰণালীৰ ওপৰত নিয়ন্ত্ৰণ বিষয়ত মতভেদ এতিয়াও তীব্ৰ।

আলোচনাৰ মুখ্য বিষয়সমূহত অন্তৰ্ভুক্ত হৈছে—

* ইৰাণৰ ইউৰেনিয়াম সমৃদ্ধকৰণ কাৰ্যসূচীৰ নিয়ন্ত্ৰণ

* হৰমুজ প্ৰণালীৰ পুনৰ মুকলি কৰা (যি বিশ্বৰ প্ৰায় ২০% তেল যোগানৰ বাবে গুৰুত্বপূর্ণ)

* আমেৰিকাৰ আৰোপ কৰা নিষেধাজ্ঞা উঠোৱা

* অঞ্চলত সামৰিক উত্তেজনা হ্ৰাস কৰা

পাকিস্তানে এই আলোচনাত মধ্যস্থতাকাৰী হিচাপে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে আৰু সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰা হৈছে।

বিশেষজ্ঞসকলৰ মতে, এই আলোচনা সফল হলে মধ্যপ্ৰাচ্যত স্থায়ী শান্তি স্থাপনৰ লগতে বিশ্বব্যাপী অৰ্থনীতি আৰু শক্তি বজাৰত ইতিবাচক প্ৰভাৱ পৰিব পাৰে।

অৱশ্যে, আলোচনা ব্যৰ্থ হ’লে পুনৰ সামৰিক সংঘাত বৃদ্ধি পাব পাৰে বুলি আশংকা প্ৰকাশ কৰা হৈছে।

Exit mobile version