Nagaon:নগাঁৱৰ বৰজহাৰ খেতিয়কৰ কন্যাই পোহৰালে দৰিদ্ৰৰ পঁজা

WhatsApp Image 2026 04 11 at 4.29.23 PM

Nagaon:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–দৰিদ্ৰতাক নেওচি উজলি উঠিল নগাঁও জিলাৰ দক্ষিণপাট অঞ্চলৰ বৰজহাৰ এগৰাকী ছাত্ৰী । নাম তেওঁৰ হিমাশ্ৰী বৰুৱা । সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মেধাৱী ছাত্ৰী গৰাকীয়ে পাঁচটাকৈ বিষয়ত লেটাৰ মাৰ্কসহ উত্তীৰ্ণ হৈ পোহৰাই তুলিছে গাঁও তথা সমগ্ৰ অঞ্চল । তেওঁৰ পিতৃ দেউতাক লক্ষীকান্ত বৰুৱা হৈছে এগৰাকী খেতিয়ক । মাতৃ অঞ্জু বৰুৱা এগৰাকী গৃহিণী । এসময়ত অধুনালুপ্ত এক ব্যক্তিগত বীমা কোম্পানীৰ প্ৰতিনিধি হিচাপে কাম কৰা লক্ষীকান্ত বৰুৱাৰ বৰ্তমান খেতিয়েই হৈছে জীৱন-জীৱিকাৰ সমল ।

কোনোমতে পেটৰ ভাতমুঠি যোগাৰ কৰি থকা এটা সৰু পৰিয়াল । এই দৰিদ্ৰ পৰিয়ালটোৰে এতিয়া ঘৰৰ জেউতি হৈ পৰিছে হিমাশ্ৰী বৰুৱা । দক্ষিণপাট অঞ্চলৰ জাগিয়াল ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰী গৰাকীয়ে অসমীয়াত ৮৮, ইংৰাজীত ৮১, সাধাৰণ গণিতত ৯০, সাধাৰণ বিজ্ঞানত ৮০, সমাজ বিজ্ঞানত ৮০ আৰু ভূগোল বিষয়ত ৭৭ নম্বৰ লাভ কৰে । সৰুৰে পৰা চৰকাৰী মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰি অহা ছাত্ৰীগৰাকীয়ে কেৱল পাঠ্যপুথি পঢ়িয়েই এই সফলতা আজুৰি আনিবলৈ সক্ষম হয় ।

ছবি আঁকি ভালপোৱা হিমাশ্ৰীয়ে দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখাত নামভৰ্ত্তি কৰিব বুলি জানিব পৰা গৈছে । ভৱিষ্যতে এগৰাকী অভিযন্তা হোৱাৰ সপোন পুহি ৰখা হিমাশ্ৰীৰ এই উন্নত ফলাফল আজিৰ প্ৰজন্মৰ বাবে হৈছে এক অনুপ্ৰেৰণাৰ সঁফুৰা । কাৰণ, হাড়ভগা পৰিশ্ৰম কৰি শস্য উৎপাদন কৰা দেউতাকে তাইক বুজিবলৈ দিয়া নাছিল বিলাসিতাৰ সংজ্ঞা, মাথোঁ দিছিল সংস্কাৰৰ শিক্ষা । সেয়ে আজি তাই এচাকি পোহৰৰে শলিতা ।

হিমাশ্ৰীৰ বৰুৱাৰ এই সফলতাক লৈ উৎফুল্লিত হৈ পৰিছে কলঙৰ পাৰৰ জনসমষ্টি । আনন্দিত হৈছে জাগিয়াল ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী । বিভিন্নজনে যাঁচিছে সম্ভাষণ, জনাইছে অভিনন্দন । এক কথাত ক’বলৈ গ’লে সমগ্ৰ দক্ষিণপাট অঞ্চলতে বিয়পি পৰিছে হিমাশ্ৰীৰ এই সফলতাৰ খবৰ, অঞ্চলবাসীৰ বাবে এয়া হৈ পৰিছে আনন্দৰ লহৰ …।

Exit mobile version