Senior journalist Pradeep Sen passes away :
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ধুবুৰী জিলাৰ জেষ্ঠ সাংবাদিক তথা সৰবৰহী যুৱক প্ৰদীপ সেন ওৰফে টেক্সি আৰু নাই। আজি পুৱা চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হৈছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় ৫২ বছৰ। গোলোকগঞ্জ সম জিলাৰ অন্তৰ্গত সত্ৰশাল অঞ্চলৰ বাসিন্দা তথা জেষ্ঠ সাংবাদিক গৰাকীৰ অকাল বিয়োগত মৰ্মাহত হৈ পৰিছে সংবাদ সেৱী, ৰাইজৰ লগতে বিভিন্ন ৰাজনৈতিক, অৰাজনৈতিক আৰু সামাজিক সংগঠন। তেওঁৰ মৃত্যুত সমগ্ৰ জিলাখনত গভীৰ শোকৰ পৰিৱেশ বিৰাজ কৰিছে।
এসময়ত জিলাখনৰ ভাৰত বাংলাদেশ সীমান্তৰ ভৌগোলিকভাৱে দুৰ্গম সত্ৰসাল অঞ্চলৰ পৰা নিষ্ঠাৰে সংবাদ সেৱা আগবঢ়াই আহিছিল প্ৰদীপ সেনে। পৰিয়াল সূত্ৰই জনোৱা মতে, পুৱতি নিশা তেওঁ উচ্চ ৰক্তচাপত আক্ৰান্ত হয় । পাছত পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে যদিও অধিক অসুস্থ হৈ পৰাত তেওঁক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ গুৱাহাটী অভিমুখে ৰাওনা হয় যদিও আলমগঞ্জ অঞ্চলত অধিক অসুস্থ হৈ পৰাত তেওঁক ওভতাই লৈ ধুবুৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় চিলাৰায় নাৰ্ছিংহোমত ভৰ্তি কৰে। তাতে চিকিৎসাধীন অৱস্থাত সেনে শেষ নিশ্বাস ত্যাগ কৰে। সেনৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অগণন গুণমুগ্ধৰে তেওঁৰ ঘৰ ভৰি পৰে। জিলা খনৰ ধুবুৰী, গৌৰীপুৰ, গোলোকগঞ্জ, বিলাসীপাৰা, কোকৰাঝাৰ, বঙাইগাঁও, গোসাঁইগাঁও, তামাৰহাট আদি বিভিন্ন প্ৰেছ ক্লাবৰ সদস্য সদস্যা আদি উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
সত্ৰসালৰ ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলৰ পৰা প্ৰায় ২৪ বছৰ পূৰ্বে “সপ্তধ্বনি” বাতৰি কাকতৰ জৰিয়তে তেওঁ সাংবাদিকতাৰ যাত্ৰা আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত “অসমীয়া প্ৰতিদিন”, “ফ্ৰন্টিয়াৰ টিভি”, “প্ৰাইম নিউজ”, “আসাম টকচ্” আদি বিভিন্ন সংবাদ মাধ্যমত কৰ্মৰত হৈ তেওঁ এজন প্ৰতিষ্ঠিত সাংবাদিক হিচাপে নিজক প্ৰতিষ্ঠা কৰিছিল।
বৰ্তমানে তেওঁ ‘দৈনিক অগ্ৰদূত’ কাকতৰ গোলোকগঞ্জৰ সাংবাদিক, “আমাৰ অসম” কাকতৰ আগমনী অঞ্চলৰ সাংবাদিক হিচাপে কৰ্মৰত আছিল আৰু একে সময়তে “এনকে টিভি”ৰ গোলকগঞ্জ সংবাদ সেৱীৰূপেও দায়িত্ব পালন কৰিছিল। ইয়াৰ উপৰিও “অগ্ৰদূত”, “খবৰ”, “জনমভূমি”, “সীমান্ত প্ৰহৰী” আদি কাকতৰ সৈতে তেওঁ জড়িত আছিল।
প্ৰদীপ সেন আগমনী-গোলকগঞ্জ প্ৰেছ ক্লাৱৰ সভাপতি হিচাপেও দায়িত্ব পালন কৰিছিল। তেওঁৰ মৃত্যুত গৌৰীপুৰ প্ৰেছ ক্লাব, ধুবুৰী প্ৰেছ ক্লাব, ধুবুৰী প্ৰেছ ইউনাইটেড, বিলাসীপাৰা প্ৰেছ ক্লাব, আপকু, জুৱা, বাৰ্তাজীৱী সংঘ আদি সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে।
সাংবাদিকতাৰ উপৰিও প্ৰদীপ সেন এজন সুদক্ষ কৌতুক অভিনেতা, প্ৰাক্তন ফুটবল খেলুৱৈ ,ফুটবল ৰেফাৰী আৰু সাংস্কৃতিক কৰ্মী আছিল। সত্ৰসালৰ হুছুৰী দলৰ নেতা আৰু বিহু নৃত্যত পাকৈত হিচাপে তেওঁ অঞ্চলটোৰ সংস্কৃতিক ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। “শ্যাম কালা” নামৰ ৰাজবংশী থিয়েটাৰৰ সংগঠক আৰু কৌতুক অভিনেতা হিচাপে তেওঁ ৰাইজৰ মৰম লাভ কৰিছিল।
সমাজসেৱাৰ ক্ষেত্ৰতো তেওঁ সক্ৰিয় আছিল। “দি হাৰ্ট” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সহকাৰী সম্পাদক হিচাপে তেওঁ ৰাজ্যজুৰি চিকিৎসা সেৱাৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল।
প্ৰাক্তন আছু নেতা তথা সাংবাদিক প্ৰদীপ সেনৰ মৃত্যুত অসম সত্ৰ মহাসভাৰ সভাপতি তথা শ্ৰী শ্ৰী ধাম ৰামকুঠী সত্ৰৰ সত্ৰাধিকাৰ জিতেন্দ্ৰ নাথ প্ৰধানীয়ে এক প্ৰেছ বিবৃতিযোগে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।সেনৰ মৃত্যু এক অপূৰণীয় ক্ষতি বুলি সত্ৰাধিকাৰ প্ৰধানীয়ে শোক প্ৰকাশ কৰিছে। পাছত শ শ পুৰুষ মহিলাৰ উপস্থিতিত স্থানীয় শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰে।
মৃত্যুৰ সময়ত প্ৰদীপ সেনে পত্নী আৰু দুই কন্যা সন্তান অজস্ৰ গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়। তেওঁৰ এই অকাল বিয়োগে ধুবুৰীৰ সংবাদ তথা সাংস্কৃতিক জগতত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিছে বুলি সংবাদ সেবীয়ে শোক প্ৰকাশ কৰিছে।
