Dhubri:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন নিচেই চমু চাপি অহাৰ লগে লগে সকলো ৰাজনৈতিক দলৰ প্ৰচাৰাভিযান তুংগত ৷ ইয়াৰ লগে লগে কেতবোৰ অঞ্চলত সংঘটিত হৈ নিৰ্বাচন কেন্দ্ৰীক সংঘাত ৷ বিশেষকৈ ধুবুৰী সমষ্টিত নিৰ্বাচন কেন্দ্ৰিক সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে । এআইডিইউএফৰ নেতাক কংগ্ৰেছ কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ উদ্থাপিত হৈছে ৷ ধুবুৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বেবী বেগমৰ ভোৰোণীয়া গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰাৰ অভিযোগ। বৃহস্পতিবাৰ দুপৰীয়া কংগ্ৰেছ নেতা দুলাল মজিদ কেদাৰ বুথ কমিটিৰ সম্পাদক জাকিৰ হুছেইনৰ ঘৰত গৈ এআইডিইউএফ নকৰাৰ ভাবুকি দিয়ে ক্ষান্ত নাথাকি হুছেইনে সন্ধিয়া নালিয়া বজাৰ আহি থাকোতে সদলবলে আক্ৰমণ কৰে একাংশ কংগ্ৰেছ কৰ্মীয়ে ।
আনহাতে জাকিৰক বচাবলৈ যোৱা বুথ সভাপতি আমজাদ আলীকো কংগ্ৰেছ কৰ্মীৰ দলটোৱে আক্ৰমণ কৰে। ইতিমধ্যে এই সন্দৰ্ভত নিশাই গোলকগঞ্জ থানাত এজাহাৰ দাখিল কৰে এআইডিইউএফে ৷ এক সংবাদমেল অনুষ্ঠিত কৰি এআইডিইউএফৰ বুথ কমিটিয়ে কংগ্ৰেছ কৰ্মীৰ এনে কাৰ্যক গৰিহণা দিয়াৰ লগতে নিজক সংযত কৰক ৷ ইয়াৰ পৰিণাম ৰাইজে ভোটৰ জৰিয়তে সমূচিত প্ৰত্যুত্তৰ দিব ৷




































