বহাগৰ দ্বিতীয় দিনা ভক্তিৰসত মুখৰিত বৰছলাৰ এৰাসুঁতি

এৰাসুঁতিৰ বৰনামঘৰলৈ যোৱা তোৰণ উদঘাটন,খোল-তালৰ ধ্বনি আৰু হৰিনামে মুখৰিত

IMG 20260416 182153

ভক্তিময় পৰিৱেশত মুখৰিত হৈ উঠিল বৰছলা সমষ্টিৰ এৰাসুঁতি গাঁও। গাঁওখনৰ ঐতিহ্যবাহী বৰনামঘৰলৈ যোৱা পথত নতুনকৈ নিৰ্মাণ কৰা এখন আটক ধুনীয়াকৈ সজ্জিত তোৰণ উদঘাটন কৰা হয় এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে।

উক্ত তোৰণখন উন্মোচন কৰে নামাচাৰ্য্য প্ৰবীন দাসে। উল্লেখ্য যে, এৰাসুঁতি বৰনামঘৰৰ বাবে তোৰণখন আটক ধুনীয়াকৈ নিৰ্মাণ কৰি উচৰ্গা কৰে সমাজসেৱী অতুল হাজৰিকাই।

তেওঁৰ এই উদ্যোগক গাঁওবাসীয়ে শলাগ লয় আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।তোৰণ উদঘাটনৰ পাছতে গাঁওখনৰ ভকত বৈষ্ণৱসকলে নাম-প্ৰসংগ আয়োজন কৰি সমগ্ৰ পৰিৱেশ ভক্তিৰসেৰে মুখৰিত কৰি তোলে।

খোল-তালৰ ধ্বনি আৰু হৰিনামৰ সুৰে গাঁওখন এক আধ্যাত্মিক আবহ সৃষ্টি কৰে।সামাজিক সম্প্ৰীতি আৰু ধৰ্মীয় চেতনাৰ এক উজ্জ্বল নিদৰ্শন হিচাপে এই অনুষ্ঠান গাঁওবাসীৰ মাজত বিশেষ সঁহাৰি লাভ কৰে।

নামঘৰক সমাজৰ আধ্যাত্মিক আৰু সামাজিক ঐক্যৰ কেন্দ্ৰবিন্দু বুলি উল্লেখ কৰি এইধৰণৰ পদক্ষেপে গাঁওখনৰ ধৰ্মীয় চেতনাক অধিক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰে তোৰণ উদঘাটক প্ৰবীন দাসে৷

Exit mobile version