Goalpara:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত মাকৈৰ বজাৰ মূল্য হ্ৰাস পোৱাত কৃষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। অধিক লাভৰ আশাত গোৱালপাৰা জিলাৰ লগতে বৰপেটাৰ বিভিন্ন চৰাঞ্চলৰ কৃষকসকলে এইবাৰ বৃহৎ পৰিমাণে মাকৈ খেতি কৰিছিল। কিন্তু উৎপাদনৰ পিছতেই মূল্য পতনৰ বাবে মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকসকল। বৰ্তমান বজাৰত প্ৰতি কুইণ্টল মাকৈৰ মূল্য মাত্ৰ ১৪০০ টকাৰ পৰা ১৬০০ টকাৰ ভিতৰত চলি আছে।
সাৰ, ঔষধ, পানী যোগান আৰু শ্ৰমৰ বাবদ যথেষ্ট খৰচ কৰাৰ পিছতো উচিত মূল্য নাপাই ক্ষোভিত হৈ পৰিছে কৃষকসকল। ফলত বহু কৃষক আৰ্থিক সংকটত পৰিছে।
সেয়ে মাকৈৰ বজাৰ মূল্য বৃদ্ধি কৰাৰ লগতে চৰকাৰীভাৱে ক্ৰয় ব্যৱস্থা শীঘ্ৰে আৰম্ভ কৰিবলৈ চৰকাৰৰ ওচৰত অনুৰোধ জনাইছে কৃষক ৰাইজে।
