Accident:কামৰূপৰ বংশৰত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল দুই বন্ধুৰ

সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি আন এজন বন্ধু

WhatsApp Image 2026 04 21 at 1.02.04 PM

Accident:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-কামৰূপৰ বংশৰত সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল দুই বন্ধু। সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি আন এজন বন্ধু।

শুৱালকুছি-পলাশবাৰী নৱনিৰ্মিত দলঙত শ্রমিক হিচাপে কৰ্মৰত আছিল তিনি বন্ধু ক্ৰমে নয়নজ্যোতি কলিতা , ধ্ৰুৱজ্যোতি হাজৰিকা আৰু মনদ্বীপ নাথ ৷ এখন Yamaha MT-15 বাইকেৰে নিশা ঘৰলৈ তিনিও বন্ধু উভতিছিল ৷ দ্ৰুতবেগত থকা বাইকখনে নিয়ন্ত্ৰণ হেৰুৱাই কামৰূপৰ বংশৰত পথৰ ডিভাইডাৰত খুন্দা মাৰে ৷ ফলত ঘটনাস্থলীতে কৰুণ মৃত্যু ঘটে নয়নজ্যোতি কলিতা আৰু ধ্ৰুৱজ্যোতি হাজৰিকাৰ ৷ আনহাতে গুৰুতৰভাৱে আহত হৈ বৰ্তমান চিকিৎসালয়ত মৃত্যুৰে যুঁজিছে মনদ্বীপ নাথ নামৰ আনজন বাইক আৰোহী ৷

আনহাতে দুৰ্ঘটনাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুই যুবকৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰে ৷

Exit mobile version