Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল৫.২

WhatsApp Image 2026 04 21 at 10.32.39 AM

Earthquake in Assam:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-পুৱাই ৰাজ্য জোকাৰি গ’ল ভূমিকম্পই I পুৱা ৫.৫৯ বজাত অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি৷অসমৰ বিভিন্ন প্ৰান্তত ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ৷অৱশ্যে কোনো ক্ষয়ক্ষতিৰ খবৰ অহা নাই ৷ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.২।
এনচিএছে সদৰি কৰা মতে এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল চুবুৰীয়া পাৰ্বত্য ৰাজ্য মণিপুৰৰ কামজং ৷ যাৰবাবে ভূমিকম্পৰ অনুভূত হয় মণিপুৰ সহ প্ৰতিবেশী ৰাষ্ট্ৰ ম্যানমাৰতো ।

Exit mobile version