Nitin Gadkari:পেট্ৰ’ল-ইথানল মিশ্ৰণৰ পৰিৱৰ্তে সম্পূৰ্ণ ইথানললৈ লক্ষ্য নীতিন গাডকাৰীৰ

WhatsApp Image 2026 04 22 at 2.05.33 PM

Nitin Gadkari:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-ভাৰতত বিকল্প ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ লক্ষ্যৰে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী(Nitin Gadkari)য়ে। তেওঁ স্পষ্টকৈ কৈছে যে আগন্তুক সময়ত পেট্ৰ’ল-ইথানল মিশ্ৰণৰ পৰিৱৰ্তে সম্পূৰ্ণ ইথানলৰে গাড়ী চলোৱাৰ লক্ষ্য ল’ব লাগিব।

গাডকাৰীয়ে কয়, “আমি বছৰি প্ৰায় ২২ লাখ কোটি টকাৰ জীৱাশ্ম ইন্ধন আমদানি কৰোঁ। ইয়াৰ ফলত পৰিৱেশ দূষণো বৃদ্ধি পাইছে। সেয়ে বিকল্প ইন্ধনৰ উৎপাদন বৃদ্ধি কৰাটো অত্যন্ত প্ৰয়োজন।”

সূত্ৰ অনুসৰি, কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’লিয়াম কোম্পানীসমূহৰ বাবে নতুন নিয়মৰ খচৰা প্ৰস্তুত কৰিছে। এই নিয়ম অনুসৰি, আগন্তুক সময়ত ৮৫ শতাংশ ইথানল আৰু ১৫ শতাংশ পেট্ৰ’ল মিশ্ৰিত ইন্ধন ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰা হৈছে, যাক *E85* বুলিও কোৱা হৈছে।

এই প্ৰস্তাৱ ইতিমধ্যে চৰকাৰৰ উচ্চস্তৰত আলোচনা কৰা হৈছে আৰু চৰকাৰৰ অধীনস্থ তেল কোম্পানীসমূহেও ইয়াত সন্মতি জনোৱা বুলি জানিব পৰা গৈছে। প্ৰাথমিক পৰ্যায়ত পৰীক্ষা-নিৰীক্ষাও আৰম্ভ হৈছে।

অৱশ্যে এই নতুন ইন্ধন ব্যৱহাৰৰ ক্ষেত্ৰত কিছুমান প্ৰত্যাহ্বান আছে। বৰ্তমান বজাৰত উপলব্ধ অধিকাংশ গাড়ী E85 ইন্ধনত চলাব নোৱাৰি, কাৰণ ইয়াৰ বাবে ইঞ্জিনত বিশেষ পৰিবৰ্তন প্ৰয়োজন।

এই সন্দৰ্ভত গাড়ী নিৰ্মাতা কোম্পানীসমূহৰ স’তে চৰকাৰে ইতিমধ্যে আলোচনা কৰিছে আৰু তেওঁলোকেও প্ৰস্তাৱটোৰ বিপক্ষে কোনো আপত্তি জনোৱা নাই। চৰকাৰৰ মতে, বিদেশৰ পৰা তেল আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বাবে ইথানলভিত্তিক ইন্ধনৰ দিশত আগবাঢ়া অত্যন্ত গুৰুত্বপূৰ্ণ।

এই পৰিপ্ৰেক্ষিতত গড়কৰীয়ে আৰু কয় যে, কেৱল ৮৫ শতাংশ নহয়, ভাৰতৰ উচিত শীঘ্ৰে ১০০ শতাংশ ইথানল ব্যৱহাৰৰ লক্ষ্য স্থিৰ কৰা। তেওঁ উল্লেখ কৰে, “বৰ্তমান বিশ্ব পৰিস্থিতি, বিশেষকৈ মধ্যপ্ৰাচ্যৰ সংঘাতৰ বাবে ইন্ধনৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছোঁ। সেয়ে অতি শীঘ্ৰে আত্মনিৰ্ভৰ হোৱা অত্যন্ত প্ৰয়োজন।”

Exit mobile version