সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ডিব্ৰুগড় বাসীৰ ৰাইজৰ সহযোগত ডিব্ৰুগড় চৌকিডিঙ্গী খেলপথাৰত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় ৰঙালী উৎসৱ-২০২৬”ত শাৰীৰিক ভাবে উপস্থিত নাথাকিলেও কায়িক ভাৱে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে সমগ্ৰ কাৰ্যসূচী প্ৰত্যক্ষ কৰিব।
২৫, ২৬ আৰু ২৭ এপ্রিল, ২০২৬ তাৰিখে চৌকিডিঙ্গীৰ ব’হাগী ক্ষেত্ৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে “কেন্দ্রীয় ৰঙালী উৎসৱ-২০২৬” আয়োজন কৰা হৈছে।
ডিব্ৰুগড় “কেন্দ্রীয় ৰঙালী উৎসৱ-২০২৬”ত শাৰীৰিক ভাবে উপস্থিত নাথাকিলেও কায়িক ভাৱে উপভোগ কৰিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গে।
অসমীয়া জাতিৰ প্রাণৰ উৎসৱ ৰঙালী বিহুক অধিক বিস্তৃত আৰু ঐতিহ্যমণ্ডিত ৰূপে উদযাপন কৰাৰ লক্ষ্যৰে এই আয়োজন কৰা এই কাৰ্যসূচীত সুন্দৰ মঞ্চ নিৰ্মাণ আৰু জুবিন গাৰ্গৰ বিশাল প্ৰতিমূৰ্তি সুন্দৰকৈ ৰখাৰ ব্যৱস্থা কৰিছে উদ্যোক্তা সকলে।
উল্লেখযোগ্য যে, চৌকিডিঙ্গী কেন্দ্ৰীয় ৰঙালী উৎসৱৰ প্ৰতিখন মঞ্চত জুবিন উপস্থিত আছিল। সেইয়ে জুবিনৰ অনুপস্থিতিত অনুষ্ঠিত হ’ব লগা প্ৰথমখন বিহুত এনেদৰে জুবিনক ৰখাৰ ব্যৱস্থা কৰিছে। উল্লেখ্য যে, কেন্দ্ৰীয় ৰঙালী উৎসৱত সদৌ অসম হুঁচৰি প্ৰতিযোগিতা,সদৌ অসম বৰবিহুৱতী প্ৰতিযোগিতা জেং বিহু আদি প্ৰতিযোগিতা লগতে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ বেদব্ৰত ভৰালী, বিশিষ্ট নাট্যকাৰ শিল্পী অসীম শর্মা আৰু বিশিষ্ট চিকিৎসক ডাঃ সর্বেশ্বৰ ভূঞাক ডিব্ৰু সন্মান প্ৰদান কৰিব।
আনহাতে কেন্দ্ৰীয় বিহুত আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা আৰু সম্পাদক সমীৰণ ফুকন সহ কেবাজনো জেষ্ঠ সাংবাদিক বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি উদ্যোক্তা সকলে আজি বহাগী ক্ষেত্ৰত এক সংবাদমেল যোগে জানিবলৈ দিছে।
