নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

IMG 20260424 WA0066

উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই ভাৰতীয় ৰে’লৰ ঐতিহ্য সংৰক্ষণৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে৷ ইয়াৰে অংশ হিচাপে ১৯২৭ চনত বৃটিছ যুক্তৰাজ্যৰ গ্লাছগোৰ মেছাৰ্ছ নৰ্থ ব্ৰিটিছ লোকোমোটিভ কোম্পানী লিমিটেডে নিৰ্মাণ কৰা ঐতিহাসিক ষ্টীম লোকোমোটিভ নং ৮০১-বি সফলতাৰে পুনৰুজ্জীৱিত কৰিবলৈ সক্ষম হৈছে৷

নিউ বঙাইগাঁও কাৰখানাত কৰা এই পুনৰজ্জীৱিতৰ জৰিয়তে ঐতিহ্য সংৰক্ষণৰ স’তে আধুনিক প্ৰযুক্তিগত উন্নয়নৰ সংমিশ্ৰণ ঘটোৱা হৈছে।

লোকোমোটিভটোত বাস্তৱ ধোঁৱা, লোকোমোটিভৰ ধ্বনি, কৃত্ৰিম ধোঁৱা নিৰ্গমন আৰু আকৰ্ষণীয় আলোকসজ্জা সংযোজিত কৰি ঐতিহাসিক ইঞ্জিনটোক দৃশ্য-শ্ৰব্যৰ সংমিশ্ৰণেৰে ভাবইঞ্জিন যুগৰ এটা প্ৰামাণিক পৰিৱেশ পুনৰ সৃষ্টি কৰা হৈছে৷

উল্লেখযোগ্য যে ষ্টীম লোকোমোটিভ ৮০১-বি কুৰি শতিকাৰ আৰম্ভণিৰ ৰে’লৱে অভিযান্ত্ৰিকতাৰ এক গৌৰৱময় ঐতিহ্যৰ প্ৰতীক। ইয়াৰ পুনৰুদ্ধাৰ ৰে’লৰ ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে।

ই ৰে’ল অনুৰাগী, পৰ্যটক আৰু যুৱ প্ৰজন্মক ৰে’ল পৰিবহণৰ ক্ৰমবিকাশৰ অভিজ্ঞতা লাভ কৰাৰ মঞ্চ প্ৰদান কৰিব।

Exit mobile version