Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ

পত্নীয়ে দিয়া গোচৰৰ ভিত্তিত আটক ভিক্টৰক

WhatsApp Image 2026 04 24 at 1.23.58 PM

Victar Das Arrested:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:এগৰাকী প্ৰতিভাশালী যুৱক হিচাপে ইতিমধ্যে জনসমাজত পৰিচিত হৈ পৰা ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ ৷ শেহতীয়াকৈ সংঘটিত কৰা কেতবোৰ কৰ্মকাণ্ডৰ দ্বাৰা বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ভিক্টৰ দাস ৷

কেই সপ্তাহমান পূৰ্বে দদৰাৰ দুজনমান কিশোৰক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ লগতে এটি কুকুৰক হত্যা কৰাৰ অভিযোগত দদৰা আৰক্ষীয়ে আটক কৰি নিয়াৰ পিছত ব্যক্তিগত জামিনত মুকলি হৈছিল ৷ কিন্ত এইবাৰ পাৰিবাৰিক আন এক গোচৰত পুনৰ আৰক্ষীৰ ৰোষত পৰে ভিক্টৰ দাস ৷ পত্নীয়ে দিয়া এক গোচৰৰ ভিত্তিত দদৰা আৰক্ষীয়ে ভিক্টৰক আটক কৰি ইতিমধ্যে চমজাই দিয়ে জালুকবাৰী আৰক্ষীক ।

Exit mobile version