Pressmeet at Dipankar Gogoi’s house by family and KMSS:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননী প্ৰেৰণ কৰাৰ পাছতে বিৰিণাশায়েকত আজি এখন সংবাদমেলৰ অনুষ্ঠিত কৰে ।
আজি মৃত দীপাংকৰ গগৈৰ বায়েক ৰিমলী গগৈ শইকীয়া আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বিদ্যুত শইকীয়াই বিৰিণাশায়েকৰ ঘৰত যুটীয়া সংবাদমেল সম্বোধন কৰে। সংবাদমেলত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক ধন্যবাদ জনাই অসম চৰকাৰৰ গৃহ বিভাগক সমালোচনাৰে থকাসৰকা কৰে I
