প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

Mojtaba Khamenei

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সহযোগী উপসাগৰীয় দেশসমূহৰ ওপৰত ভয়ংকৰ আক্ৰমণৰ হুংকাৰ দিছে ইৰানে। মার্কিন প্ৰশাসনৰ স’তে দ্বিতীয় লানি শান্তি আলোচনাত অনিশ্চয়তা বর্তি থকাক লৈ ক্ষুব্ধ হৈ দেশখনে প্রতিবেশী ৰাষ্ট্ৰসমূহৰ প্ৰতি এই ভাবুকি দিছে।

উল্লেখ্য যে বর্তমানেও হৰমুজ প্রণালীৰে তৈলবাহী জাহাজ চলাচল সুচল হোৱা নাই। ইয়াক লৈ অচলাবস্থা বিৰাজ কৰি থকাৰ সময়তে আজি ইৰানৰ উপ-ৰাষ্ট্ৰপতি ইছমাইল ছাঘব এছফানিয়ে কয়, ‘যিকোনো যুদ্ধৰ প্ৰত্যুত্তৰ আমি দিম। হৰমুজ প্ৰকল্পৰ চলিত অৱৰোধৰ ফলত যদি আমাৰ তেলখাদকে ধৰি কোনো আন্তঃগাঁথনি ক্ষতিগ্রস্ত হয়, তেন্তে আগ্রাসনকাৰী (আমেৰিকা যুক্তৰাষ্ট্ৰ) ক সমর্থন জনোৱা দেশসমূহৰ ওপৰত চাৰিগুণ অধিক আক্রমণ সংঘটিত কৰা হ’ব। আমি সুকীয়া ধৰণৰে অংক কৰো। এটা তেলখাদ সমান চাৰিটা তেলখাদ (ইৰানৰ এটা তেলখাদত আক্রমণ কৰিলে প্ৰতিৱেশী মার্কিন সমর্থনপুষ্ট চাৰিটা তেলখাদ ধ্বংস কৰা হ’ব)!’

লক্ষ্যণীয় যে পাকিস্তানৰ মধ্যস্থতাত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ স’তে ইৰানে যুদ্ধবিৰতি কৰিলেও ট্রাম্পে ইছলামিক ৰাষ্ট্ৰখনক ধাৰাবাহিক ভাবুকি দি আহিছে। আনকি ইৰানৰ তৈলবাহী জাহাজ চলাচলত স্থায়ী চাপ সৃষ্টিৰো অলপতে হুংকাৰ দিয়ে ট্রাম্পে। যোৱা সপ্তাহত সামাজিক মাধ্যমত এটা প’ষ্টত ট্রাম্পে কয়, ‘বিত্তীয়ভাৱে ইৰান ভাঙি পৰিছে। নগদ ধনৰ দুর্ভিক্ষত ভুগি তেওঁলোকে হৰমুজ প্রণালী তাৎক্ষণিকভাবে মুকলি দিয়াতো বিচাৰিছে। এদিনত পাঁচ নিযুত ডলাৰকৈ লোকচান ভৰিছে। সামৰিক বাহিনী আৰু আৰক্ষীয়ে আপত্তি দি আহিছে যে তেওঁলোকে দৰমহা পোৱা নাই।’

ট্রাম্পৰ এনে ভাবুকিসূচক মন্তব্যৰ প্ৰত্যুত্তৰ দিছে ইৰান সংসদৰ অধ্যক্ষ এম বি ঘালিবাফেও। হৰমুজ প্রণালীত বিৰাজ কৰি থকা অচলাৱস্থাই ইৰানৰ বাবে সুযোগ সৃষ্টি কৰিছে বুলি উল্লেখ কৰি ঘালিবাফে কয়, ‘তেওঁলোকে যোগান আৰু চাহিদাক লৈ অহংকাৰ কৰিছে। অধিক মূল্য ভৰিব লাগিব।’ গ্রীষ্মৰ দিনত তেলৰ চাহিদা সর্বাধিক হয়। যদি হৰমুজ প্রণালী বন্ধ থাকে, তেন্তে আমেৰিকা যুক্তৰাষ্ট্ৰত তেলৰ মূল্যই মূধচ স্পৰ্শ কৰিব।’

Exit mobile version