Uttar Pradesh:✒️বিয়াৰ আনন্দ অনুষ্ঠানত অত্যাধিক শব্দই কেতিয়াবা কিমান ভয়ংকৰ ৰূপ ল’ব পাৰে, তাৰেই এক চাঞ্চল্যকৰ উদাহৰণ পোহৰলৈ আহিছে উত্তৰ প্ৰদেশ (Uttar Pradesh)ৰ সুলতানপুৰত।
কাণ ফাটোৱা ডিজেৰ উচ্চ শব্দৰ ফলত একেলগে ১৪০টা কুকুৰাৰ মৃত্যু হোৱা বুলি অভিযোগ উঠিছে। এই ঘটনাৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
আৰক্ষী সূত্ৰে জানিবলৈ দিয়া মতে, যোৱা ২৫ এপ্ৰিলত এই ঘটনা সংঘটিত হয় বলদিৰাই থানাৰ অন্তৰ্গত দাৰিয়াপুৰ গাঁৱত। সিদিনাখন কাষৰীয়া গাঁৱৰ এজন বাসিন্দাৰ কন্যাৰ বিয়াৰ অনুষ্ঠান আছিল।
সেই উপলক্ষে এখন শোভাযাত্ৰা উলিওৱা হৈছিল আৰু তাত অত্যন্ত জোৰেৰে ডিজে বজোৱা হৈছিল।
তথ্য অনুসৰি, ৰাম ভদ্ৰ পুৰৱা গাঁৱৰ কুদৱাৰ অঞ্চলৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰা দাৰিয়াপুৰ গাঁৱত প্ৰৱেশ কৰে। কিছু দূৰ অগ্ৰসৰ হোৱাৰ পাছত শোভাযাত্ৰাখন এখন পশুপালন ক্ষেত্ৰ ওচৰত উপস্থিত হয়।
পশুপালন ক্ষেত্ৰ মালিক ছাবিৰ আলীয়ে অভিযোগ কৰিছে যে ডিজেৰ তীব্ৰ শব্দ সহ্য কৰিব নোৱাৰি তেওঁৰ পশুপালন ক্ষেত্ৰ থকা কুকুৰাবোৰ আতংকিত হৈ পৰে আৰু তাৰ পাছতে একেলগে প্ৰায় ১৪০টা কুকুৰাৰ মৃত্যু ঘটে।
ঘটনাৰ পিছতে ছাবিৰ আলীয়ে আৰক্ষীত লিখিত অভিযোগ দাখিল কৰে। আৰক্ষীয়ে জনোৱা মতে, এই ঘটনাৰ স’তে জড়িত ডিজে অপাৰেটৰ কবি যাদৱৰ বিৰুদ্ধে ইতিমধ্যে এটা গোচৰ ৰুজু কৰা হৈছে। তেওঁ কুদৱাৰ অঞ্চলৰ বাসিন্দা।
তদন্তকাৰীসকলে জনাইছে যে কুকুৰাবোৰৰ মৃত্যুৰ সঠিক কাৰণ নিৰ্ধাৰণ কৰাৰ প্ৰক্ৰিয়া চলি আছে। অত্যাধিক শব্দৰ ফলতেই এই মৃত্যু ঘটিছে নে নহয়, সেই বিষয়ত খতিয়ান কৰা হৈছে। সমগ্ৰ ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।






























