Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ

আবকাৰী আইন উলংঘা কৰি নিৰ্ধাৰিত সময়ৰ পৰিৱৰ্তে নিশা ৩ বজালৈ খোলা আছিল বাৰখন

WhatsApp Image 2026 04 30 at 12.23.37 PM

Guwahati:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-মহানগৰীৰ ভঙাগড়স্থিত ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ ৷ আবকাৰী আইন উলংঘা কৰি নিৰ্ধাৰিত সময়ৰ পৰিৱৰ্তে নিশা ৩ বজালৈ খোলা ৰাখিছিল বাৰখন ৷

উল্লেখ্য যে শনিবাৰে পুৱতি নিশা মঠঘৰীয়াৰ গে’ট হাস্পতালৰ সন্মুখত এখন তীব্ৰবেগী AS 01 GP 0561 নম্বৰৰ ইছুইফট ডিজায়াৰে ৰৈ থকা এখন ট্ৰাকক খুন্দা মৰাৰ ফলত থিতাতে কৰুণ মৃত্যুক সাবটি হয় ছুইফট খনৰ আৰোহী ৩ যুৱতী ৷ আনহাতে ঘটনা সংঘটিত হোৱাৰ পিছতে ছুইফট খনৰ চালক ছামিম আহমেদে পলায়ন কৰে।

উল্লেখ্য যে দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই সোণাৰিৰ সাপেখাতীৰ নিবাসী তথা ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী আকাংক্ষা শইকীয়া,গোৱালপাৰাৰ কৃষ্ণাইৰ নিবাসী তথা ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰে কৰ্মচাৰী পূজা সাহা আৰু বঙাইগাঁও নিবাসী তথা গুৱাহাটীত ইঞ্জিনীয়াৰিঙৰ শিক্ষা গ্ৰহণ কৰি থকা আৰ্মিনা আহমেদ ৷ তিনি যুৱতী সহ চালক ছামিম আহমেদে নিশা ১১বজাৰ পৰা ৩ বজালৈকে এক্সৰ’ বাৰত সুৰাপান কৰিছিল ৷ তাৰ পিছতে তিনিও ছুইফট ডিজায়াৰ উঠি মঠঘৰীয়া অভিমুখে আহি থকা পথত গে’ট হাস্পতালৰ সন্মুখত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো ৷ মহানগৰ যানবাহন আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত কৰি চালক ছামিম আহমেদ সহ ৩ যুৱতী এক্সৰ’ বাৰত সুৰাপান কৰি থকাৰ চিচিটিভি ফুটেজ আৰু বাৰখনত সুৰাপানৰ বাবদ ১৯ হেজাৰ টকা পেমেন্ট দিয়াৰ সকলো তথ্য পোহৰলৈ আনিছিল।

আনহাতে ছুইফট খনৰ চালক ছামিম আহমেদ আত্মগোপন কৰি থকা অৱস্থাত ডিব্ৰুগড় আৰক্ষীয়ে লাহোৱালৰ পৰা গ্ৰেপ্তাৰ কৰি নুনমাটি আৰক্ষীক চমজাই দিয়াৰ পিছত বৰ্তমান আদালতৰ নিৰ্দেশ অনুসৰি আৰক্ষী জিন্মাত আছে ছামিম ৷

Exit mobile version