Tragic road accident in Dhar district of Madhya Pradesh:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-মধ্যপ্ৰদেশৰ ধাৰৰ তিৰলাত ভয়ংকৰ পথ দুৰ্ঘটনা I ধাৰ জিলাৰ তিৰলাৰ সমীপত শ্ৰমিক কঢ়িয়াই অনা এখন পিকআপ ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰে। ফলত শিশু সহ ১৬ লোকৰ কৰুণ মৃত্যু হোৱাৰ বিপৰীতে আহত হয় ১৬ জন লোক। দুৰ্ঘটনাগ্ৰস্ত পিকআপ বাহন খনত আছিল প্ৰায় ৩৫ৰ পৰা ৪০জন লোক। ঘটনা সংঘটিতৰ পিছতে দুৰ্ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ আহতসকলক গাড়ীৰ পৰা উলিয়াই আনি চিকিৎসালয়লৈ লৈ যায়। ।
উল্লেখ্য যে শ্ৰমিক কঢ়িওৱা পিকআপ ট্ৰাক খন আমঝেৰা অভিমুখে গৈ থকা পথত নিয়ন্ত্ৰণ হেৰুৱাই পথতে বাগৰি পৰে। ইয়াৰ পিছতে সন্মুখৰ ফালৰ পৰা পৰা আহি থকা তীব্ৰবেগী স্ক’ৰপিঅ’ বাহন খনে প্ৰচণ্ড খুন্দা মৰাৰ ফলত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটি । নিহত আটাইইে আমঝেৰা অঞ্চলৰ বিভিন্ন গাঁৱৰ বাসিন্দা । বেছিভাগ শ্ৰমিক আৰু শিশু দুৰ্ঘটনাগ্ৰস্ত পিকআপ বাহন খনৰ যাত্ৰী আছিল । কাম কৰি ঘৰলৈ উভতি আহিছিল।
ইপিনে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড:মোহন যাদৱে। ৰাজ্য চৰকাৰে মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাকৈ আৰু আহতসকলক ১ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। ইন্দোৰৰ সংমণ্ডল আয়ুক্ত আৰু মহাপৰিদৰ্শকক চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। আটাইকেইজন আহত লোককে বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হ’ব। ধাৰৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী কৈলাশ বিজয়বৰ্গীয়াইও এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ মৃতকৰ পৰিয়ালৰ বাবে আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰিছে। ইফালে তিৰলা আৰক্ষী থানাই ঘটনাৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে।
