ডিজিটেল যুগত মহিলাৰ সুৰক্ষা, সামাজিক মাধ্যমত হাৰাশাস্তিৰ সন্মুখীন হ’লে কি কৰিব

images 2

বর্তমান সময়ত ম’বাইল ফোন আৰু ইণ্টাৰনেট আমাৰ দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিছে। সামাজিক মাধ্যম, মেছেজিং এপ বা অনলাইন প্লেটফর্ম এইবোৰে যিদৰে জীৱন সহজ কৰিছে, তেনেদৰে নতুন ধৰণৰ সমস্যাও সৃষ্টি কৰিছে। তাৰ ভিতৰত অন্যতম হৈছে বিভিন্ন ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হোৱা। বহু সময়ত মহিলাসকলে এইবোৰক সৰু কথা বুলি এৰি দিয়ে, কিন্তু এইবোৰ গুৰুতৰ অপৰাধ।

যদি কোনোবাই এগৰাকী মহিলাক তেওঁৰ ইচ্ছাৰ বিপৰীতে বাৰে বাৰে ফোন কৰে, মেছেজ কৰে, সামাজিক মাধ্যমত তেওঁক বাৰে বাৰে মেছেজ বা অসুবিধা দিয়ে তাক কোৱা হয় স্টকিং।

আনহাতে, অনলাইনত অশ্লীল বার্তা প্ৰেৰণ, ভুৱা একাউন্টেৰে বদনাম কৰা, ব্যক্তিগত ফটো অপব্যৱহাৰ কৰা এইবোৰ এই ষ্টকিঙৰ অন্তৰ্গত।

Section 354D IPC অনুসৰি, স্টকিং এক শাস্তিযোগ্য অপৰাধ। দোষী সাব্যস্ত হ’লে জেল আৰু জৰিমনা দুয়োটা হ’ব পাৰে। তাৰ উপৰি, Information Technology Act অনুসৰি অনলাইনত অশোভন আচৰণ, ভুৱা আইডি ব্যৱহাৰ বা ব্যক্তিগত তথ্য অপব্যৱহাৰ কৰাটোও অপৰাধ হিচাপে গণ্য কৰা হয়।

এই পৰিস্থিতিত মহিলাই কি কৰিব?

১। প্রমাণ সংগ্ৰহ কৰক যিকোনো মেছেজ, কল লগ, স্ক্রিনশ্বট সংৰক্ষণ কৰি ৰাখক। এইবোৰেই পাছত আইনী ব্যৱস্থাত গুৰুত্বপূর্ণ প্রমাণ হৈ পৰে।

২। অভিযুক্ত ব্যক্তিক সামাজিক মাধ্যমত ব্লক কৰক আৰু সেই প্লেটফৰ্মত ৰিপ’ৰ্ট কৰক।

৩। পুলিচ বা চাইবাৰ চেলৰ সহায় লওক ওচৰৰ পুলিচ থানাত বা চাইবাৰ ক্রাইম শাখাত অভিযোগ দাখিল কৰিব পাৰে। বৰ্তমান বহু ৰাজ্যত অনলাইন অভিযোগ দাখিলৰ সুবিধাও আছে।

৪। নিজৰ সুৰক্ষা প্রাথমিকতা দিয়ক নিজৰ ব্যক্তিগত তথ্য (ফোন নম্বৰ, ঠিকনা, ছবি) সকলোৰে স’তে ভাগ নকৰিব। সামাজিক মাধ্যমত প্রাইভেচী ছেটিংছ ঠিককৈ ব্যৱহাৰ কৰক।

৫। মানসিকভাবে সাহস ৰাখক। এই ধৰণৰ ঘটনাত ভয় খোৱাটো স্বাভাৱিক, কিন্তু মনে মনে থকাটো সমস্যাৰ সমাধান নহয়। পৰিয়াল বা বিশ্বাসযোগ্য লোকৰ স’তে কথা পাতক। স্টকিং বা অনলাইন হাৰাশাস্তি সৰু কথা নহয় ই এক অপৰাধ। সময়ত প্রতিবাদ কৰিলে এই ধৰণৰ অপৰাধ কমাব পৰা যায়। ডিজিটেল যুগত সুৰক্ষা মানে কেৱল অফলাইন নহয়, অনলাইনতো সচেতন হোৱা। আইন আপোনাৰ লগত আছে। প্রয়োজনত সাহসেৰে আগবাঢ়ি যাওক। ‘সচেতনতা, সাহস আৰু আইন’ এই তিনিটাই মহিলাৰ সুৰক্ষাৰ মূল অস্ত্র।

Exit mobile version